নেদেখায়। আজি জানো কি ভাই এই খন পেলাই থৈছিল কৰ নোৱাৰোঁ।”
প্ৰসন্নৰ বৰ খং উঠি কলে, “সেই বিলাক পাছে বুজিম, তই দিবিনে নিদিবি?” প্ৰভাই সেই চিঠিখন প্ৰসন্নৰ আগত পেলাই দি,মিছামিছি খং দেখুৱাই গুচি গ'ল। বেড়াৰ আৰলৈ গৈ এটি কাথ হাঁহি মাৰি কলে, “কেনে মজা এইবাৰ তোমাৰ সকলো অহঙ্কাৰ ছাই কৰিলোঁ।” প্ৰসন্নই চিঠিখন পঢ়িবলৈ ধৰিলে! চিঠিৰ ভিতৰত ঠিকনা নাই। থামৰ ওপৰত বজালী ডাকঘৰৰ চাপ। তাত এইদৰে লেখা আছিল—
মৰমৰ চন্দ্ৰ!
তোমাৰ কোমল হাতৰ চিঠিখন পাই সুখী হলোঁ। তোমাৰ চিঠি পালে যে কিমান সুখী হওঁ তাক কৈ ওৰ কৰিব নোৱাৰি। তোমাৰ নিমিত্তে মোৰ মন সদাই চঞ্চল। চন্দ্ৰ! আৰু যে কিমান দিনৰ মূৰত তোমাক দেখিম! কাহানি মোৰ প্ৰাণৰ চন্দ্ৰৰ ধুনীয়া মুখখনি দেখি হৃদয় শীতল কৰিম! ঈশ্বৰে হে জানে। চন্দ্ৰ! আমি সৰু কালৰে পৰা একেখন ফুলনীৰ ফুলৰদৰে একেলগে ডাঙ্গৰ দীঘল হৈছোঁ। আৰু দুয়ো দুইকো মনে প্ৰাণে ভাল পাওঁ। তেতিয়া এখন্তকো নেদেখিলে থাকিব নোৱাৰিছিলোঁ। সেই নিমিত্তে তোমাৰ বিয়া হোৱাত ময় অলপ যে বেয়া নেপাইছোঁ এনে নহয়। কিন্তু আমালোকৰ দেখাদেখি হোৱা