পৃষ্ঠা:চন্দ্ৰপ্ৰভা.pdf/২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৪ চন্দ্ৰপ্ৰভা। বোৱাৰী কৰবাত দেখিছানে? দিনৰ দিনটো কান্দিকাটি ঘৰখনৰ বিমঙ্গল কৰিবলৈ ধৰিছে!” বাতি যেতিয়৷ সকলো টোপনি যায়, জগতত যেতিয়া পোকা • পৰুৱা এটিবে| সাবি শব্দ নোহোৱা হয়, সেই সময়তে চন্দ্ৰই মনৰ হেপাহেৰে কান্দিছিল। শাহুয়েকব গুৰিত তেওঁ আন সময়ত কান্দিলেও জগৰীয়া হৈছিল। আজি বহাগৰ বিহু, প্ৰসন্ন আজি ঘৰলৈ আহিছে। গিৰীয়েকক অহা দেখি চন্দ্ৰৰ শোকৰ বোঝা বহু পৰিমাণে লঘু হ'ল। বহু দিনৰ মূৰত তেওঁৰ ক'লা মুখত হাঁহি দেখা দিলে। ঘৰলৈ অহাৰ কেই দিন মানৰ মুৰত, প্ৰসন্নই ঘৰৰ কাঠিত বহি এখন বাতবী কাকত পঢ়িবলৈ ধৰিছিল। সেই সময়তে প্ৰভাৱতীয়ে এখন চিঠি হাতত লৈ মিছিক মিছিক কৈ হাঁহি প্ৰসন্নৰ ওচৰলৈ আহিল। প্ৰভাই চিঠিখন এনে লৈ গৈছিল। যে, যাতে প্ৰসন্নই সেই চিঠিখন সহজেই দেখা ----- প্ৰসন্নই বাতৰী কাকত গঢ়িবলৈ এৰি ভনীয়েকক সুধিলে, “প্ৰভা! সেই খন কাব চিঠি?” প্ৰভাই কলে, “এই বৌৰ চিঠি”। আমি কব নোৱাৰো যে কি নিমিত্তে, সেই চিঠিখন প্ৰসন্নৰ চাবলৈ বৰ মন গ'ল। তেওঁ ৰংমনেৰে কলে, ক’ত চাওঁ চোন? প্ৰভাই সেই কথা শুনি চকু পকাই কলে, “ময় দিব নোৱাৰে৷ দিলেনো বৌটীয়ে সুদাই এৰিবনে? বৌৰ এনেকুৱা চিঠি প্ৰায় আহিয়ে থাকে, বৌটীয়ে সেইবিলাক চিঠি কাকো