দুঃখে সুখে আৰু একমাহ হৈ গ'ল। এনেতে গৌৰীকান্ত বৰুৱা কিবা এটা নৰীয়াত পৰিল। চন্দ্ৰই বাপেকৰ নৰীয়াৰ খবৰ পাই তেওঁক চাবলৈ বৰ ব্যস্ত হ'ল। প্ৰসন্নই ঘৈনীয়েকক মাকৰ ঘৰলৈ পঠাই দিবলৈ তেওঁৰ মাকলৈ চিঠি লিখিছিল। কিন্তু মাক কোনোমতে সম্মত নহল। তেওঁ পুতেকলৈ চিঠি লেখিলে যে, যাবৰ হলে এই জনমলৈ বাপেকৰ ঘৰতে থাকিব, মোৰ ঘৰত আৰু ঠাই নেপায়। মাকৰ কথা শুনি প্ৰসন্নই আৰু একোকে কব নোৱাৰিলে।
তেওঁ নিৰুপায় হৈ নিজেই শহুৰেকক চাবলৈ গ'ল। বৰুৱা ডাঙ্গৰীয়াৰ নৰীয়া বৰ টান। এইবাৰ তেওঁৰ বাঁচিবৰ আশা নাই প্ৰসন্নই ভাল ভাল বেজ আনি তেওঁক চিকিৎসা কৰাবলৈ ধৰিলে। কিন্তু নৰীয়া কোনোমতেই কম নহল। বৰং দিনে দিনে বেচি হবলৈ হে ধৰিলে। গৌৰীকান্ত বৰুৱাই মৃত্যুশয্যাত শুই তেওঁৰ জীয়েকৰ এবাৰ মুখখন চাই লবলৈ বৰ আকুল হ’ল। কিন্তু তেওঁৰ মৰণ সময়ত সেই আশাটি ঈশ্বৰে পূৰ্ণ হবলৈ নিদিলে। কেই দিনমান নৰীয়া ভোগ কৰি বৰুৱা ডাঙ্গৰীয়া সিফলীয়া হ'ল। প্ৰসন্ন দুঃখ মনেৰে ধনপুৰলৈ ওভটি আহিল। চন্দ্ৰপ্ৰভাৰ শোকৰ ওৰ নোহোৱা হ'ল। তেওঁ, মৰণ সময়ত তেওঁৰ দেউতাকৰ চৰণ দুখানি দেখা নেপায় বৰ অস্থিৰ হ'ল। শোকৰ সময়ত তেওঁক সান্ত্বনা কৰা দূৰে থাকোক, তেওঁ কান্দিকাটি থকা দেখিলেই শাহুয়েকে কৈছিল, “আইহঁত! এনে কুলক্ষণীয়া