পৃষ্ঠা:চন্দ্ৰপ্ৰভা.pdf/১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১২ চন্দ্ৰপ্ৰভা। হাঁহি দেখিলে তেওঁৰ মুখ ক’ল| পৰিছিল। সকলোৱে চন্দ্ৰ- প্ৰভাব ৰূপৰ সুখ্যাতি কৰিছিল, কিন্তু শাহুয়েকৰ ভয়ত কোনেও মুখ ফুটাই কব নোৱাৰিছিল। কিন্তু চন্দ্ৰপ্ৰভাব সদ্ব্যৱহাৰত সকলোৱে তেওঁক অন্তৰেৰে ভাল পাইছিল। প্ৰভাৱতীৰ সেই নিমিত্তে চন্দ্ৰলৈ পেটে পেটে বৰ খং হৈছিল। তেওঁ নিজে কোনো দোষ কৰিলে বৌয়েকৰ গাত পেলাই দিছিল। মাকব আগত মিছাকথ৷ লগাই বং চাইছিল। প্ৰভাৱতীয়ে অকল ইয়াকে কবি বাট চাই থকা নাছিল। তেওঁ কোনোবা মানুহৰ মুখত মাণিকৰ দেশত্যাগৰ কথা শুনিছিল। মাজে গজে চন্দ্ৰপ্ৰভাক সেই কথা শুনাই শুনাই হাঁহিছিল। প্ৰসন্নই চন্দ্ৰপ্ৰভালৈ সপ্তাহত ২৩ খন চিঠি লেখিছিল। আৰু অলপ আজৰি পালেই ঘৰলৈ আহিছিল, কিন্তু আমাৰ প্ৰভাৱতীৰ এইটো অসহনীয় হৈছিল। তেওঁ কৈছিল, যে দাদ। তিবীব ভুছ্‌ং হৈছে, সেই দেখিহে বৌ- --নি অহঙ্কাৰ হৈছে। চন্দ্ৰৰ শাহুয়েকে মনে মনে বেজাৰ পাইছিল, কিন্তু মুখ ফুটাই একোকে নকৈছিল। প্ৰসন্নই তেওঁৰ ঘৈনীয়েকৰ লগত মাক আৰু ভনীয়েকৰ আচাৰ ব্যৱহাৰ দেখিও একো কব নোৱাৰিছিল। কাৰণ তেওঁ জানিছিল, যে তেওঁলোকৰ বিৰুদ্ধে কিবাকলে তাৰ বিপৰীত ফল হে ফলিব। কিন্তু চন্দ্ৰপ্ৰভাই হ'লে সপোনতে৷ তেওঁৰ দুঃখৰ কথা গিৰীয়েকৰ আগত কোৱা নাছিল।