মাহ হ'ল। প্ৰসন্ন এবাৰ মজাতে বাঘমাৰিলৈ আহিছিল; কিন্তু মাকৰ গালি শপনিত লাজ পাই, আৰু ঘৰলৈ অহা নাই।
⸻⸻
চতুৰ্থ পৰিচ্ছেদ।
⸻:°:⸻
চন্দ্ৰপ্ৰভা আকৌ শহুৰেকৰ ঘৰলৈ আহিছে। কিন্তু তেওঁলৈ শাহুয়েকৰ খং আগৰ দৰেই আছে। তেওঁ শাহুয়েকক সন্তুষ্ট কৰিবলৈ পাৰাপৰিশ্ৰমে চেষ্টা কৰিছিল। কিন্তু শাহুয়েকৰ মন কোনামতে ভাল কৰিব নোৱাৰিলে। তেওঁ কথায় কথায় চন্দ্ৰপ্ৰভাক সহিব নোৱাৰাকৈ কথা কৈছিল, আৰু বিকৰ্থনা কৰিছিল। চন্দ্ৰয়ো নমতা নোবোলাকৈ সকলোকে সহিছিল। আন কি ঘৰত বেটী বন্দি থাকা স্বত্বেও তেওঁ, ৰাতি পুৱাৰপৰা গধুলী লৈ সকলো বন কৰিব লাগিছিল। সেই বিষয় কোনোবাই কিবা কলে, তেওঁৰ শাহুয়েকে কৈছিল, “সেই সৰু মানুহৰ বেটী জনীয়ে মোৰ সকলো বাটতে কাঁইট বান্ধিছে। তাইক যে ঘৰৰ পৰা উলিয়াই দিয়া নাই, সেইয়ে তাইৰ সৌভাগ্য।” শাহুয়েকৰ অত্যাচাৰ আছিলেই তাৰ বাহিৰেও ননন্দাকৰ ব্যৱহাৰত চন্দ্ৰপ্ৰভা বৰ জ্বালাতন হৈছিল। প্ৰভাৱতীৰ স্বভাৱ এই যে,তেওঁ কাৰো ভাল হোৱা দেখিব নোৱাৰিছিল। কাৰো মুখত