সমললৈ যাওক

পৃষ্ঠা:চন্দ্ৰপ্ৰভা.pdf/১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
তৃতীয় পৰিচ্ছেদ।

⸻:°:⸻

 মাণিকচন্দ্ৰ পিতৃ মাতৃহীন অনাথ ডেকা। গৌৰীকান্ত বৰুৱাই তেওঁক দয়া কৰি নিজ ঘৰত ৰাথি তেওঁক নিজৰ লৰাৰ দৰে যতনেৰে প্ৰতিপালন কৰে। মাণিকলৈ গৌৰীকান্ত বৰুৱাৰ মৰম দেখি সকলোৱে মনে মনে ভাবিছিল যে, তেওঁ চন্দ্ৰপ্ৰভাক মাণিকৰ লগত বিয়া দিব। কিন্তু গৌৰীকান্ত বৰুৱাই হলে এই কথা কেতিয়াও মনত ভবা নাছিল তেওঁৰ সৰ্ব্বদাই ইচ্ছা আছিল যে,একেজনী ছোৱালী কোনো এখন ভাল ঘৰত বিয়া দি সুখী হব। মাণিকে লৰা কালিৰে পৰা চন্দ্ৰক প্ৰাণতকৈয়ো ভাল পাইছিল কিন্তু তেওঁ ভাল পোৱাত মুগ্ধ হৈও স্বপ্নতো ভবা নাছিল যে, বৰুৱা ডাঙ্গৰীয়াই তেওঁৰ নিচিনা দৰিদ্ৰ এটাৰ লগত, তেওঁৰ একেজনী জীয়েকক বিয়া দিব চন্দ্ৰপ্ৰভাই মাণিকক ভাল পাইছিল, কিন্তু সি ভাল পোৱা অন্য ৰকমৰ। চন্দ্ৰই মাণিকক নিজৰ ভাইটিৰ দৰে ভাল পাইছিল। ইয়াৰ বাহিৰে আন কোনো ভাবে তেওঁৰ মনত অকণ মানো ঠাই পোৱা নাছিল।

 মাণিকৰ সুখৰ সপোন ইমান দিনে ভাগিল। প্ৰসন্নৰ লগত চন্দ্ৰপ্ৰভাৰ বিয়াৰ পিছদিনা ৰাতি তেওঁ কোনো ঠাইলৈ গুছি গল। কিন্তু কলৈ গল কোনেও নেজানিলে।