পৃষ্ঠা:চন্দ্ৰপ্ৰভা.pdf/১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

চন্দ্ৰপ্ৰভা। তেওঁ ঘৈনিয়ে কৰ মধুৰ কথাত মোহ গ'ল। আৰু আদৰেৰে কলে, “নহয় চন্দ্ৰ! ময় তোমাক দোষী ভবা নাই, কিন্তু কেবল মোৰ মনৰ সন্দেহ গুছাবৰ নিমিত্তে হে তোমাক এই কথা সুধিলোঁ।” $ চন্দ্ৰপ্ৰভা কেইদিনমান শহুৰেকৰ ঘৰত থাকি, বাপেকথ ঘৰলৈ ওভটি আহিল। প্ৰসন্নয়ে৷ নিজ ঘৰৰপৰা ধনপুৰলৈ গ'ল। গৌৰীকান্ত বৰুৱাই জীয়েকক ডাঙ্গৰ ঘৰত বিয়া দি, বৰ সন্তোষ পাইছিল। কিন্তু চন্দ্ৰপ্ৰভাব শাহুয়েকৰ আচৰণ দেখি তেওঁৰ মনত অলপ দুঃখ হ’ল।