প্ৰভাৱতী। পোনে পোনেই বৌয়েকৰ মুখ দেখি তেওঁ মুখ বিকতাই হাঁহিমাৰি কলে, “হৰি! হৰি! এইজনীয়ে হবলা সুন্দৰী!” প্ৰভাৱতী চন্দ্ৰপ্ৰভাতকৈ,তিনি চাৰি বছৰ বয়সত ডাঙ্গৰ। শহুৰেকৰ ঘৰত কষ্ট পাই বুলি, মাকে তেওঁক শহুৰেকৰ ঘৰলৈ নপঠাইছিল। কোনোবাই কিবা কলে তেওঁইয়াককৈছিল,“দহোট৷ নহয়, পাঁচোটা নহয়, একেজনী ছোৱালী তাকেই পুহিব নোৱাৰা নে? শহুৰেকৰ ঘৰলৈ পঠাই কোন শতেৰে ময় তাইক মাৰিম?” আজি দৰা কন্যাৰ পাতত ভাত দিবৰ দিন। আৰু যথাসময়ত সেই কাৰ্য্য হৈ গ'ল। আজি ৰাতি পুৱা প্ৰসন্নই,চন্দ্ৰপ্ৰভাক মাতি কলে, “চন্দ্ৰ! ময় আজি তোমাক এটা কথা সুধিম, তুমি কবানে?
চন্দ্ৰপ্ৰভাই ৰংমনেবে কলে, কি কথা? কওক চোন। প্ৰসন্নই কলে, “চন্দ্ৰ! তুমি মাণিকক ভাল পাইছিলা নে?” চন্দ্ৰপ্ৰভা অলপ আচৰিত হৈ,নমতা নোবোলাকৈ থাকিল। প্ৰসন্নই আকৌ কবলৈ ধৰিলে। “ময় তোমাৰ স্বামী; চন্দ্ৰ! তুমি সঁচাকৈ কোৱাছোঁ, মাণিকক ভাল পাইছিলা নে নাই?” চন্দ্ৰই অলপো খং নকৰি কোমল মাতেৰে কলে, “হয় ময় তেওঁক ভাল পাইছিলোঁ। এতিয়াও ভাল পাওঁ। মোৰ ভাই ভনী কোনো নাই, সৰু কালৰে পৰা মাণিক দাদাক ভাল পাওঁ; আৰু ভক্তিও কৰোঁ। কিন্তু আপুনি এই কথা কিয় সুধিছে? ময় মাণিক দাদাক ভাল পোৱাৰ বাবে দোষী হলোঁ নে কি?” প্ৰসন্নৰ মনৰ সন্দেহ তেতিয়া গুছিল।