সমললৈ যাওক

পৃষ্ঠা:চন্দ্ৰপ্ৰভা.pdf/১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
দ্বিতীয় পৰিচ্ছেদ।

⸻:°:⸻

চন্দ্ৰপ্ৰভাৰ শহুৰেকৰ ঘৰ কামৰূপ জিলাৰ বাঘমাৰি গাৱত। প্ৰসন্নকুমাৰ ধনীৰ ল'ৰা। তেওঁৰ দেউতাক শান্তিৰাম চৌধুৰী,আজি তিনি বছৰ হল, ইহলোক ত্যাগ কৰিছে। তেওঁ ধন সম্পত্তি বহুত ৰাখি থৈ গৈছে। ঘৰ খনত প্ৰসন্নৰ মাক, এজনী ভনীয়েক, আৰু কেইজনমান মিতিৰ কুটুম্ব আছে। প্ৰসন্ন ঘৰত নেথাকে। তেওঁ ধনপুৰত থাকে, তাতে এটি কাৰবাৰ চলাইছে।

 তেওঁ যথাসময়ত চন্দ্ৰপ্ৰভাই সৈতে ঘৰ পালেহি। চন্দ্ৰপ্ৰভাৰ সুন্দৰ ৰূপ দেখি সকলো মোহিত হ’ল আৰু ঘৰে তেওঁৰ ৰূপৰ শলাগ লবলৈ ধৰিলে। কিন্তু প্ৰসন্নৰ মাকৰ মনত বোৱাৰী ভাল নহ'ল। তেওঁ মনে মনে ভাবিছিল, যে তেওঁৰ পুতেকক কোনো ডাঙ্গৰ মানুহৰ ঘৰত বিয়৷ কৰাব। কিন্তু ঈশ্বৰে তেওঁৰ সেই আশাটি পূৰ্ণ নকৰিলে। চন্দ্ৰপ্ৰভাৰ মন মোহা ৰূপত মুগ্ধ হৈ প্ৰসন্নই শপথ খাইছিল যে তেওঁ চন্দ্ৰপ্ৰভাৰ বাহিৰে আন কাকো বিয়া নকৰায়। কাজে কাজে মাকৰ অনিচ্ছা স্বত্বেও, চন্দ্ৰপ্ৰভাক বোৱাৰী কৰি নোলোৱাকৈ থাকিব নোৱাৰিলে। কিন্তু তেওঁৰ মনৰ খং কোনোমতে তেওঁৰ মনৰ পৰা আতৰি নগল। চন্দ্ৰপ্ৰভা, আৰু এটিৰ মনত ভাল নহ'ল। সেইটি প্ৰসন্নৰ ভনীয়েক