এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫
প্ৰথম পৰিচ্ছেদ।
আবশ্যক নাই। ৰাতি পুৱা দৰা কন্যাক বিদায় দিয়া হ'ল। বিদায় দিবৰ সময়ত চন্দ্ৰপ্ৰভাই চকুৰ পানী টুকি টুকি সকলোকে সেৱা কৰিলে। চন্দ্ৰপ্ৰভা, স্বভাবৰ নিমিত্তে সকলোৰে বৰ আদৰণীয়া আছিল, সেই দেখি আজি সকলোৱে আশীৰ্ব্বাদ কৰিবলৈ ধৰিলে। মালতীয়ে শোক মনেৰে এটুপি চকুৰ লো টুকি তেওঁৰ প্ৰাণৰ সখীক বিদায় দিলে।
⸻০⸻