পৃষ্ঠা:চক্ৰধ্বজ সিংহ.djvu/৯৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৯২
[ ৪ৰ্থ অঙ্ক
চক্ৰধ্বজসিংহ।

জুম্বুৰ, কেচাই, পহলঙ্গি, পাথৰ-কলাই যত যি লাগে, দি সৈন্য়- বিলাকক সাজু কৰি থোৱা হৈছে। ব্ৰহ্মপুত্ৰৰ পানীত, উত্তৰ পাৰে দিহিঙ্গীয়া ৰাজখোৱাক আৰু বুঢ়াগোহাঁই ফুকনক, দক্ষিণ পাৰে শলগুৰীয়া ৰাজখোৱা, টঙচু ৰাজখোৱা আৰু কলঞ্চু নেওগক ৰখা হৈছে। সৰ্গদেৱৰ বন্দী সপুত্ৰে ইটাখুলিৰ নামনিত আছোঁ।

 এতিয়া ঈশ্বৰৰ ইচ্ছাৰ ওপৰত ফলাফলৰ ভাৰ।

স্বৰ্গদেৱৰ বিশ্বাসী ভৃত্য

শ্ৰীলাচিত বৰফুকন। "

 চক্ৰধ্বজ। নিশ্চয় ঈশ্বৰৰ ওপৰত এতিযা সকলো নিৰ্ভৰ।

( দুৱৰীৰ প্ৰবেশ)

 দুৱৰী। ( আঠুলৈ) সৰ্গদেও ঈশ্বৰ, দুটা টেকেলাই এটা মানুহক ধৰি লৈ আহিছে। সিহঁতে তাক সৰ্গদেৱৰ আগলৈ আনিব খোজে।

 চক্ৰধ্বজ। আনক।

[ দুৱৰীৰ প্ৰস্থান।

দুটা টেকেলা আৰু এটা ডেকালৰাৰ প্ৰবেশ। টেকেলা
দুটাই তাক ধৰি আনে!

কি হল? ইয়াক ধৰি আনিছ কিয়?