পৃষ্ঠা:চক্ৰধ্বজ সিংহ.djvu/৯৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১ম দৰ্শন ]
৯৯
চক্ৰধ্বজসিংহ।

হৈছে। গৰৰ ঠায়ে ঠায়ে সেনাপতিবিলাকৰ কোঠ বহুওৱা হৈছে। ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰে,-অমৰাজুৰিৰপৰা পাণ্ডুলৈকে গুইমেলা বৰগোহাঁই ফুকনক, খহোৱা বুৰুজৰপৰা কামাখ্যাৰ পশ্চিম খট্- খটিলৈকে ৰাইদঙীয়া ৰাজখোৱাক, দুৱাৰ-গৰিলাত দোলাকাষৰীয়া বৰুৱা লাটুমক, পাৰঘোপাৰপৰা ধেনুখীৰোৱালৈকে বাৰুকিয়াল বৰগোহাঁইক, গোটা আলিৰপৰা অসুৰৰ আলিৰ মূৰলৈকে নেওগ হাজৰিকাক, অসুৰৰ আলিত কমলাবৰীয়া গোহাঁই ফুকলক, অসুৰৰ আলিৰ দক্ষিণ পৰ্ব্বত মৰঙ্গিখোৱা বৰচেটিয়াক, উষাহৰণ্ পৰ্ব্বতত জাতিচন্দন গোহাঁইক, ওভোতাশিমূলৰ বাটত শলগুৰীয়া ৰাজখোৱা চক্ৰপাণীক থৈ, লগত ৰীতিমতে সৈন্যসামন্ত দি, প্ৰতি বাৰ বেওঁৱে একোটা বৰহিলৈ বা বৰতোপ পতা হৈছে। ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে, -জুৰিয়াৰপৰা শৰাইঘাটলৈকে বৰ অভয়পুৰীয়া ৰাজখোৱা শেন গোহাঁইক, শৰাইঘাটত মাজু অভয়পুৰীয়া ৰাজখোৱা, লঠিয়া- পৰ্ব্বতত বাঁহগৰীয়া বুঢ়াগোহাঁইক, লঠিয়াৰপৰা চিলা পৰ্ব্বতলৈকে মিৰি সন্দিকৈ ফুকন আৰু নেওগ হাজৰিকাক, সেন্দুৰীঘোপাৰ পৰা খৰাঘৰীয়া আলিলৈকে দিহিঙ্গীয়া ৰাজখোৱাক,ৰংমহলত পেলন চাৰিঙ্গীয়া ফুকনক, ৰংমহলৰপৰা কানাই বৰশীবোৱা শিল- লৈকে ধলাগোহাঁই গজপুৰীয়া ৰাজখোৱাক, চাহবুৰুজত ৰূপ সন্দিকৈক, কুৰুৱাত বৰপাত্ৰগোহাঁই আৰু ৰাইডঙীয়া ৰাজখোৱাক থৈ, নিয়মমতে সৈন্য়সামন্ত দি, কোঠ পাতি বাব বেওঁৱে বাব বেওঁৱে একোটা বৰহিলৈ বহুৱা হৈছে। কামায়ন,টোৱা,জুমুৰ,গঠীয়া- .