পৃষ্ঠা:চক্ৰধ্বজ সিংহ.djvu/৯৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১ম দৰ্শন, ]
৯৩
চক্ৰধ্বজসিংহ।

 টেকেলা। (আঠু লৈ) সৰ্গদেও ঈশ্বৰ, কাঁৰীৰ লেখৰপৰা বাহিৰত থাকিবৰ বুধি কৰি চৈধ্য বছৰীয়া বুলি কৈছিল। ইয়াৰ এনে দুষ্টালি বুধি সৰ্গদেও, ই চুৰিয়াকে নিপিন্ধিছিল; এতিয়াহে আমি ইয়াক চুৰিয়া পিন্ধাই ইয়ালৈ আনিছোঁ। সেইদেখি ইয়াক ধৰি অনা হৈছে সৰ্গদেও ঈশ্বৰ! এনেকৈ ফাকি দি থকা আমি আৰু গোটাচেৰেক পাইছোঁ। দুটা-চাইটাক ধৰি আনি শাস্তি নিদিলে নহয় বুলি বন্দীহঁতে ভাবিছোঁ, সৰ্গদেও।

 চক্ৰধ্বজ। (ডেকালৰাটোক ) হেৰ তোৰ বয়স কিমান?

 ডেকালৰা। (আঠুকাঢ়ি, কান্দি কান্দি) চৈধ্য় বছৰ, সৰ্গদেও ঈশ্বৰ!

 চক্ৰধ্বজ। (মিচিকিয়াই হাঁহি) অৱশ্যে তাতে ৬। ৭ বছৰ যোগ দি চৈধ্য বছৰ। (টেকেলাক) ইয়াক চবতাৰে কোব মাৰি কাঁৰীৰ লেখত সুমাই দে। আৰু বাৰু বাৰু এনেকুৱা পাৰি ধৰি লৈ আহিবি।

 টেকেলা। যি আদেশ সৰ্গদেও ঈশ্বৰ।

 চক্ৰধ্বজ। আজিলৈ সভা ভঙ্গ কৰা গল।

[ প্ৰস্থান।

_____