পৃষ্ঠা:চক্ৰধ্বজ সিংহ.djvu/৯৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৯০
[ ৪ৰ্থ অঙ্ক,
চক্ৰধ্বজসিংহ।

চতুৰ্থ অঙ্ক।

প্ৰথম দৰ্শন।

স্থান-গৰগাওঁ। ৰজাৰ বৰচৰা।

কাল--আবেলি।

(চক্ৰধ্বজসিংহ আৰু সভাসদসকল। বিক্ৰম কাকতীয়ে
লাচিত বৰফুকনৰপৰা অহা চিঠি এখন
পঢ়ি ৰজাক শুনায়। )
“শ্ৰীশ্ৰীৰাম।

শ্ৰীশ্ৰীশ্ৰীশ্ৰীশ্ৰীশ্ৰীশ্ৰীমহাৰাজাধিৰাজচক্ৰধ্বজসিংহস্বধৰ্ম্মপ্ৰতিপালক গুণৈকসিন্ধুবশোৰাশিবিমণ্ডিত,শত্ৰুক্ষয়কাৰী,প্ৰবলপ্ৰতাপপৰি- দীপ্তোজ্জ্বলতেজস্বৰ্গদেৱমহামহোগ্ৰপ্ৰতাপেষু

 পৰং সমাচাৰ এহি। ইতি পূৰ্ব্বে দূত মুখে সৰ্গদেৱৰ আজ্ঞা শুনি আৰু পত্ৰ পাঠ কৰি, পাটচাৰ সেনাপতি ৰামসিংহৰে সৈতে কৰিবৰ নিমিত্তে যুদ্ধৰ সকলো আয়োজন সমাপন কৰা হৈছে। সৰ্গদেৱৰ আজ্ঞামতে ৰামসিংহৰ ওচৰলৈ কটকী পঠিয়াই তেওঁৰ আগমনৰ উদ্দেশ্য কি শুধি পঠোৱা হৈছে। গুৱাহাটীৰ কেইও- ফালে যি গৰ নাছিল, তাক ভালকৈ মেৰামত কৰি দৃঢ় কৰা