পৃষ্ঠা:চক্ৰধ্বজ সিংহ.djvu/৯৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৪ৰ্থ দৰ্শন ]
৮৯
চক্ৰধ্বজসিংহ।

গোন্ধ পায়েই পলাই ফাট মাৰিলে দেউতা। মই চিধা মানুহ দেখি যুজ কৰি মৰিমুজি “ঘাইল” হলোঁ।

( বৰফুকনে গজপুৰীয়াৰ কথা শুনি মিচিক্ মিচিক্ কৰি হাঁহে)

 প্ৰিয়ৰাম। হৈছে, আৰু তোৰ বক্তৃতা নালাগে। যা এতিয়া। বাৰু আকৌ এইবাৰ যুজত তই কি কৰ দেখা যাব।

 গজপুৰীয়া। পাটচাৰ ৰামসিংহ সেনাপতি আহিছে বুলি শুনিছোঁ, ৰামচিং মোৰ ভাগত পৰিল, ডেকাফুকন বোপা ডাঙ- ৰীয়া! আপোনাসকলে ৰামচিঙক নুছুবই, মই আগেয়েকৈ থলোঁ।

 বৰফুকনক- হাত জুৰি দেউতা ঈশ্বৰ! এইবাৰ ৰামচিং, সেনাপতিক বন্দীয়ে ধৰি হাতে ভৰিয়ে লোৰ শিকলিৰে বান্ধি দেউতাৰ চৰণত পেলাই দি বক্চি লমেই লম।

 বৰফুকন। ( হাঁহি বাৰু লবি যা।

[ গজপুৰীয়াৰ প্ৰস্থান।

আঁৰ-কাপোৰ।

_______