পৃষ্ঠা:চক্ৰধ্বজ সিংহ.djvu/৯৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৮৮
[ ৩য় অঙ্ক,
চক্ৰধ্বজসিংহ।

হেৰ গজপুৰীয়া হাজৰিকা, তই নো কেনেকৈ ফিৰূজখাঁক বন্দী কৰিলি বুলিলি? মোৰ বৰবোপা-প্ৰিয়ৰামে হে কৰিছিল?

 গজপুৰীয়া। দেউতা ঈশ্বৰ, ময়েই প্ৰথমতে ফিৰূজক বন্দী কৰাটো সঁচা। কিন্তু সি বৰ টেঙৰ বঙাল, দেউতা। মোৰ হাতৰপৰা কেনেকৈ পুলকি গল কব নোৱাৰোঁ, কিন্তু গল। ডেকাফুকন ডাঙৰীয়াৰ হাতত বন্দী হোৱাটোও সচাঁ। এতেকে দেউতা ঈশ্বৰ, তাক বন্দী কৰাৰ মান্য়ৰ ভাগ এই দুখীয়ায়ো পাব পাৰে। এই বঙালবোৰ বৰ টেঙৰ দেউতা ঈশ্বৰ। দুখীয়া মানুহৰ হাতত বন্দী হোৱাতকৈ বৰলোকৰ হাতত বন্দী হোৱাটো বৰ মানৰ কথা বুলি সিহঁতে বৰ জানে দেউতা ঈশ্বৰ। নতুবা মই দুখীয়াৰ হাতত বন্দী হৈও, ফিৰূজে পুলকি গৈ আকৌ বৰ লোকৰ হাতত বন্দী হলগৈ কিয় মোৰ দেউতা ঈশ্বৰ।

 বৰফুকন। (হাঁহি ) বুজিলোঁ এতিয়া। তই বৰ টেঙৰ বুঢ়া।

 গজপুৰীয়া। হয় দেউতা ঈশ্বৰ, মোৰ বুঢ়া বুলি অখ্যাতি এটা আজিকালি ওলাইছে; মোৰ ঘৰৰ ঘৈণীজনীয়েও মোক বুঢ়া বুলি পেলনীয়া কৰিবলৈ ধৰিছে। দেউতাইও এতিয়া মোক বুঢ়া বুলিলে। মই কিন্তু বুঢ়া হোৱা নাই দেউতা ঈশ্বৰ। আৰু দেউতা ঈশ্বৰ, মোৰ নিচিনা হোজা মানুহ এটা এই অঞ্চলতে নাই। নহলে মোক বঙালে ধৰি আঠুত, পিঠিত, হাতত, ভৰিত, যতে পায় ততে তৰোৱালৰ আগেৰে খুচিবলৈ নেপালেহেঁতেন। মোৰ তলতীয়া চিপাদাৰ, হাৱলদাৰ টকক টোকোৰোহঁতে বঙালৰ