পৃষ্ঠা:চক্ৰধ্বজ সিংহ.djvu/৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[১ম অঙ্ক,
চক্ৰধ্বজসিংহ।

 চক্ৰধ্বজ। তেন্তে তই দূতক ক-গৈ,— আমাৰ দেশৰ দস্তৰ মতে নচলা মানুহে আমাৰ দেখা নেপায়। তেওঁ আমাৰ দেশৰ দস্তৰ নেজানে যদি শিকি লৈ আহিব পাৰে।

(দুৱৰীৰ প্ৰস্থান। )

(দুৱৰীৰ পুনৰ প্ৰবেশ। )

 দুৱৰী। (আঠু লৈ) সৰ্গদেও-ঈশ্বৰ, মছলমানৰ কটকীযে প্ৰথমতে অনেক অহঙ্কাৰ অহঙ্কাৰ কৈ কথা কৈ, শেহত দেখোন,আমাৰ দেশৰ দস্তুৰ মতেই আঠু লৈ সেৱা কৰি সৰ্গদেৱৰ ওচৰলৈ আহিবলৈ মান্তি হৈছে।

 চক্ৰধ্বজ। তেনেহলে আহিব পাৰে।

(দুৱৰীৰ প্ৰস্থান। )

(মছলমানৰ দূতৰ প্ৰবেশ)

 সাতবাৰ আঠু লৈ সেৱা কৰি কৰি, ৰজাৰ আগলৈ আহি শৰাই এখনত চিঠি এখন আগবঢ়াই ৰজাৰ ফালে দিয়ে।

 চক্ৰধ্বজ। ( চিঠিখন পঢ়ি অতাই ) দূত, তোমাৰ মালিক গুৱাহাটীৰ নতুন থানাদাৰ ফিৰুজখাঁ মিঞা চাহাবক কবা, যে টান টান কথা ব্য়ৱহাৰ কৰি আসাম দেশৰ ৰজালৈ চিঠি লেখাটো ভাল মানুহৰ চিন নহয়। তেওঁ ন-কৈ তেওঁৰ পাটচাৰ মলুকৰপৰা যদি এনে “ভদ্ৰ ব্য়ৱহাৰ” শিকি আহিছে, তেন্তে কবা যে সেই ব্য়ৱহাৰ আমাৰ দেশত নাখাটে। অৱশ্য়ে এইটো আমি বুজিছোঁ যে তেওঁ কিছু দিন আমাৰ দেশত থাকি পুৰণি হৈ, আমাৰ ডা