পৃষ্ঠা:চক্ৰধ্বজ সিংহ.djvu/১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১ম দৰ্শন
চক্ৰধ্বজসিংহ।

-ডাঙৰীয়া আদি ভাল মানুহেৰে সৈতে মিলিজুলি কথাবাৰ্ত্তা আদি কলে ভদ্ৰ ব্যৱহাৰ শিকিব পাৰিবৰ সম্ভৱ। দুখৰ কথা যে, তেতিয়ালৈকে অপেক্ষা নকৰি, তেওঁৰ পাটচাৰ মলুকৰ মৰুৱা বিদ্যা আমাৰ দেশত "জাহিৰ " কৰিবলৈ আহিছে তেওঁ ধৰা পৰিবৰ কথা হল। আৰু তেওঁক কবা, আসামৰ ৰজা থানাদাৰ মিঞা ফিৰুজখাঁ চাহাবৰ বা তেওঁৰ পাটচাৰ, কৰতলীয়া নহয় যে, সেইটা তেওঁক আজিলৈকে কোনেও কৈ দিয়া নাই নে? আগৰ থানাদাৰ ৰচিদখাঁ মিঞা থকাহেঁতেন তেওঁক কৈ দিলেহেঁতেন কিজানি। আমাৰ চলা জনা সৰ্গদেও জয়ধ্বজ সিংহ ৰজাই নবাব মিৰজুমলাৰে, সৈতে কৰা সন্ধিপত্ৰত লিখি দিয়া কথাবোৰ অৱশ্য়ে আমি অগ্ৰাহ্য কৰিব খোজা নাই : কিন্তু সেই সন্ধিপত্ৰ পাটচাৰে সৈতে প্ৰতিসংবদ্ধন কৰি ভবিষ্য়তে দুই দেশৰ ৰজা বন্ধু ভাৱে থাকিবৰ নিমিত্তহে কৰা হৈছিল। আৰু সেই উদ্দেশ্য়েৰেই হে পাটচাৰলৈ আমাৰ আগৰ জনা ৰজাৰ কন্য়া ৰমনী গাভৰুক হয়-হস্তী-ৰত্ন অলঙ্কাৰ আদিৰে সালঙ্কৃতা কৰি পঠোৱা হৈছিল। নবাব মিৰজুমলা আৰু তেওঁৰ আগৰসকলেও কোনো কালে আমাৰ আসাম জয় কৰিব পৰা নাছিল। এনে স্থলত মিঞা ফিৰুজখাঁই এনে গঢ়েৰে আমালৈ চিঠি লেখে কি বুলি? তথাপি তেওঁক কবা, আমি কৈছোঁ যে আগৰ সন্ধিপত্ৰত লিখা কথা আমি অগ্ৰাহ্য় কৰিব খোজা নাই। আগেয়ে অনেক ৰূপ, অনেক 'সোণ, অনেক হাতী দিয়া হৈছে, এতিয়া সি কিছু বাকী