পৃষ্ঠা:চক্ৰধ্বজ সিংহ.djvu/৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১ম দৰ্শন,]
চক্ৰধ্বজসিংহ।

কৰক। ইয়াৰ এটা প্ৰতিবিধান সোনকালে নকৰিলে আমি সকলোবোৰ মুছলমানৰ উপ্লুঙাৰ হে পাত্ৰ হমহঁক।

 চক্ৰধ্বজ। বুজিছোঁ। — (অলপ পৰ ভাবি থাকি) বাৰু তই উভতি যা গৈ। ফুকন আৰু ৰাজখোৱাক কবি, যে ইয়াৰ প্ৰতি-কাৰ নিশ্চয় সোনকালে কৰা হব।

[কটকীৰ প্ৰস্থান। ]

(দুৱৰীৰ প্ৰবেশ)

 দুৱৰী। (সেৱাকৰি, আঠু লৈ) সৰ্গদেও-ঈশ্বৰ, মছলমান পাটচাৰ গুৱাহাটীৰ থানাদাৰ ফিৰুজখাঁই সৰ্গদেৱৰ ওচৰলৈ কটকী পঠিয়াইছে। দুৱাৰতে আছে।

 চক্ৰধ্বজ। তই মছলমানৰ কটকীক ক গৈ.....তেওঁ আমাৰ দেশৰ যেনে দস্তুৰ, সেই মতে আঠু লৈ সেৱা কৰি আহিলেহে আমাৰ আগলৈ আহিব পাৰিব। নহলে, আমাৰে সৈতে সাক্ষাৎ নহয়।

 দুৱৰী। যি আদেশ সৰ্গদেও।

[দুৱৰীৰ প্ৰস্থান। ]

(দুৱৰীৰ পুনৰ প্ৰবেশ)

 দুৱৰী। (আঠু লৈ) সৰ্গদেও ঈশ্বৰ, মছলমানৰ কটকীয়ে আমাৰ দেশৰ দস্তুৰ মতে আঠু লৈ সেৱা কৰি সৰ্গদেৱৰ আগ হব নোখোজে। বোলে "মই দিল্লীৰ পাটচাৰ থানাদাৰৰ দূত, কোনো সৰু মানুহ নহওঁ যে সেইদৰে যাম। মই আমাৰ দেশৰ দস্তুৰ মতেহে চলিম, এই দেশৰ দস্তুৰ মই ভু নাপাওঁ"