পৃষ্ঠা:চক্ৰধ্বজ সিংহ.djvu/৮৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩য় দৰ্শন ]
৮৩
চক্ৰধ্বজসিংহ।

ইফালৰপৰা তালৈ জাকে জাকে ৰণুৱা পঠিয়াই থাকিব পাৰোঁ। তাৰ উপৰি আমাৰ এই ফালৰ ৰাজ্য় ৰক্ষা কৰিবলৈকো, অকা সিফালে যোৱা ৰণুৱাৰ ঠাই পূৰাবলৈকো ৰণুৱা লাগি থাকিব। সম্প্ৰতি কাইলৈ আমাৰ গৰগাৱঁতে মানুহৰ লেখ কৰিবলৈ ধৰি কাৰ্য্য় আৰম্ভ কৰা হওক। মোৰ বাহৰতে বাৰকুৰি লিগিৰা আছে; ইমানবোৰ লিগিৰাৰ বিশেষ কোনো কাম নাই, ইহঁতৰে এদল হিলৈদাৰী ৰণুৱা প্ৰস্তুত কৰিব লাগে। খেলে খেলে কমাৰক টানি হুকুম শুনাই দিয়া হওক, যে সম্প্ৰতি সিহঁতে হিলৈ, কামায়ণ, বৰতোপ আদি যুজৰ অস্ত্ৰ গঢ়াৰ বাহিৰে যেন আন একো কাম নকৰে। কাঁৰীবোৰৰ লৰা তিৰোতাবোৰেও যেন দিনে ৰাতিয়ে ধেনু কাঁৰ চোঁচে। মুঠতে যুজৰ সজুলি আৰু যুজাৰু প্ৰস্তুত কৰাৰ বাহিৰে এতিয়া আমাৰ আন একো কাম নাই।

 বুঢ়াগোহাঁই। যি, আদেশ সৰ্গদেৱ।

 চক্ৰধ্বজ। আজিলৈ সভা ভঙ্গ কৰা গল।

[প্ৰস্থান। 

_________