পৃষ্ঠা:চক্ৰধ্বজ সিংহ.djvu/৮৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৮৪
[ ৩য় অঙ্ক,
চক্ৰধ্বজসিংহ।

চতুৰ্থ দৰ্শন।

স্থান - গুৱাহাটী। লাচিত বৰফুকনৰ চৰা।

কাল-পুৱাবেলা।

বৰফুকন অকলৈ চৰাতে বহি কিবা ভাবি আছে। দুটা কোটোৱালে
গজপুৰীয়ানীক ধৰি আনে। )

 বৰফুকন। কোটোৱালহঁত, এইজনী কাক ধৰি আনিছ?

 ১ম কোটোৱাল। দেউতা, এই জনী উজনি গৰগাঁৱৰ মানুহ হেনো; যুজৰ সময়ত তাইৰ গিৰিযেকেৰে সৈতে তাই হেনো এই ফাললৈ আহিছে। তাইৰ গিৰিয়েক হেনো এহেজাৰ ৰণুৱাৰ ওপৰত হাজৰিকা। তাইৰ কথা সঁচা বুলি আমাৰ মনে নধৰে। এইৰ ঘৰত ভালেমান “চোৰাই মাল” ওলাইছে দেউতা। —চিপাহীৰ চোলা, পাগুৰী, টুপি, কমৰ-বন্ধ, কটিসূত্ৰ, ৰূপৰ আৰু পিতলৰ টেমা, সোণৰ আঙঠি পচিমীয়া মতা মানুহে পিন্ধা কাণৰ কঁৰায়া, পাটচাৰ নামৰ মোহৰ মৰা ৰূপ, ইত্যাদি। এইবোৰ বস্তু তাই কৰপৰা পালে বুলি শুধিলে, তাই কিবা বেবেৰিবাং কথা কয়ু, আমি একো বুজিব নোৱাৰোঁ। দেখাতেই তাই এইবোৰ যুজৰ চিপাহীৰ চুৰ কৰা বস্তু।

 গজপুৰীয়ানী। (কোটোৱালক) কোনটো চিপাহীৰ বস্তু হেৰ কোনটো চিপাহীৰ বস্তু?