পৃষ্ঠা:চক্ৰধ্বজ সিংহ.djvu/৮৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৮২
[ ৩য় অঙ্ক,
চক্ৰধ্বজসিংহ।

মৃত্যু; জীলেও গৌৰৱ আৰু সুখৰ জীৱন। দিল্লীৰ পাটচাৰ গোলাম হৈ আসামৰ ৰজাই ৰাজত্ব কৰি থাকিবলৈ আকাঙ্খা নকৰে;ডাঙৰীয়াসকল! এইটো মোৰ খাতাং কথা জানিব। এতিয়া আপোনাসকলৰ কৰ্ত্তব্য,আপোনাসকল সকলোেৱে মিলি কান্ধ পতাটো; বেয়া হল ভাল হল বিচাৰ কৰি কালক্ষেপ কৰাটো নহয়। আপোনাসকলে এতিলো বিলম্ব নকৰি মছল- মানেৰে সৈতে যুজ কৰিবলৈ সাজু হৈ ওলাওক। মোৰ আদেশ, আপোনাসকল সকলো ফুকন বৰুৱাই নিজ নিজ খেলৰ কাঁৰী ৰণুৱাবিলাকেৰে সৈতে অনতিবিলম্বে গুৱাহাটীলৈ গৈ, বৰ সেনাপতি লাচিত বৰফুকনৰ আজ্ঞানুবৰ্ত্তী হওক। মোৰ এই অদেশ সকলোকে শুনাই দিয়া হওক। আৰু বৰফুকনলৈ লেখি দিয়া হওক যে বাৰিষা নপৰে মানে যাতে পাটচাৰ সেনাৰে সৈতে আমাৰ ৰণ নলগাকৈ ৰাখিব পাৰে, তাৰ বুধি কৰক; কাৰণ বাৰিষা পৰিলেই আমাৰ সুবিধা।

 বুঢ়াগোহাঁই। সৰ্গদেৱৰ আজ্ঞামতেই সকলো কাৰ্য্য় হব।

 চক্ৰধ্বজ। আমাৰ উজনি দেশত ২০ বছৰ বয়সৰপৰা ৪০ বছৰ বয়সলৈকে যতবোৰ মতা মানুহ আছে, ( বামুণ আৰু মহন্তৰ বাহিৰে ) সকলোবোৰৰে লেখ লৈ কাকত কৰা হওক। সেই বোৰৰ ভিতৰৰ সুস্থ আৰু বলী চাই চাই মানুহ বাছি লৈ সেই বোৰক হিলৈ, কাঁৰ, ষাঠি, দা ইত্যাদিৰে ভালকৈ যুজ কৰিবলৈ শিকোৱা হওক। যদি যুজ দীৰ্ঘকাল স্থায়ী হয়, আমি যেন