পৃষ্ঠা:চক্ৰধ্বজ সিংহ.djvu/৮৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৮০
[ ৩য় অঙ্ক,
চক্ৰধ্বজসিংহ।

যাওক। গুৱাহাটীৰ পুৰণা থানাদাৰ ৰচিতখাঁও তোমাৰ লগত যাওক; আসাম মুলুকৰ হাল-চালৰচিতে ভালকৈ জানে (উজীৰলৈ চাই) উজীৰ মোৰ যিটো এটাইতকৈ পিয়াৰৰ যুজৰ ঘোঁৰা আছে সেইটো সোণ--খাটোৱা জিনেৰে সৈতে ৰামসিংহ সেনাপতিক দিয়া। সোণ-খটোৱা তৰোৱাল এখন ৰাজভঁৰালৰপৰা অনোৱাঁ, মই নিজহাতে ৰামসিংহক সেই তৰোৱাল খিলাত দিওঁ।

 উজীৰ। যি আদেশ খোদাবন্দ।

 জয়সিংহ। জাঁহাপনাৰ দয়া।

 ৰামসিংহ। (উঠি কুৰ্ণিচ কৰি) জাঁহাপনাৰ আমাৰ প্ৰতি পৰম দয়া। জাঁহাপনাৰ আদেশ বান্দাই পালন কৰিবলৈ এই প্ৰাণ থাকোতে ক্ৰটী নকৰে।

 আউৰেংজীব। আজিলৈ সভা ভঙ্গ কৰা গল।

[ প্ৰস্থান।

_______