উজজীৰ। (মূৰ দুপিয়াই ) খোদাবন্দ!
জয়সিংহ। জাহাপনা, এই বৃদ্ধক আদেশ দিয়ক। অস্বৰৰ ৰজা বুঢ়া হলেও তেওঁৰ গাৰ এতিয়াও তেজ চেচা হোৱা নাই।
আউৰেংজীব। সেইটো মই জানো মহাৰাজ। কিন্তু মহা- ৰাজৰ যোগ্য পুত্ৰ ৰামসিংহ থাকোতে সেই কাৰ্য্য়লৈ মহাৰাজৰ যাবৰ আৱশ্যক কি? মহাৰাজৰ পুত্ৰ ৰামসিংহৰ বীৰত্ব আৰু বিশ্বস্ততাত মোৰ সন্দেহ নাই।
উজীৰ। (মূৰ দুপিয়াই) খোদাবন্দ!
জয়সিংহ। জাঁহাপনা, ৰামসিংহও মোৰে নিচিনা জাঁহা- পনাৰ তাবেদাৰ!
ৰামসিংহ। (মুৰ দুপিয়াই। জাঁহাপনা!
আউৰেংজীব। ৰামসিংহ, তুমি অস্বৰাধিপতি মোৰ বিশ্বাসী বন্ধু মহাৰাজ জয়সিংহৰ যোগ্য সন্তান। মহাবীৰ মানসিংহৰ নাতি। তোমাৰ বীৰত্ব আৰু বিশ্বস্ততা মোৰ অবিদিত নাই। তোমাক মই আজি এই যুজৰ নিমিত্তে সেনাপতি পদত বৰণ কৰিলোঁ। যথেষ্ট সৈন্য আৰু অস্ত্ৰশস্ত্ৰাদি লৈ তুমি অনতিবিলম্বে যুদ্ধযাত্ৰা কৰাঁ। ১৮০০০ অশ্বাৰোহী, ৩০০০০ পদাতি, আৰু কামান, তোপ, বন্দুক, বাৰূদ আদি পূৰা সৰঞ্জাম তোমাৰ লগত নিয়া। ১৫০০০। ২০০০০ যি পোৱা ধনুকধাৰী তুমি কোঁচবিহাৰৰপৰা লবা। বঙ্গদেশৰ নবাবেও যিমান চিপাহী দিব পাৰে, তোমাৰ লগত নিবা। যোদ্ধা নচৰতখাঁ, কিৰাতসিংহবৰ্ত্তিয়া, বইৰামদেও, ৰধুনাথসিংহ, তোমাৰ লগত