পৃষ্ঠা:চক্ৰধ্বজ সিংহ.djvu/৮৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৭৮
[ ৩য় অঙ্ক,
চক্ৰধ্বজসিংহ।

দ্বিতীয় দৰ্শন।

 স্থান-দিল্লীদেৱানী-আম-আওৰেংজীব পাটচাৰ দৰবাৰ।

কাল-আবেলি।
(ময়ূৰ-সিংহাসনত আওৰেংজীব, জয়সিংহ, ৰামসিংহ,
উজীৰ, ওমৰাহসকল।

 আউৰেংজীব। বৰ দুঃসংবাদ মহাৰাজ! আসামৰ ৰজাই যুজত আমাৰ সেনাক পৰাস্ত কৰি ফিৰূজখাঁ আৰু চৈয়দ চানাক বন্দী কৰি হত্যা কৰিলে। ইয়াকে বোলে সাতখন সাগৰ সাতুৰি পাৰ হৈ শেহত গৰুখোজৰ পানীত বুৰাঁ মৰা।

 জয়সিংহ। জাহাপনা, তেনেকুৱাই তো হৈছে।

 আউৰেংজীব। এই অপমানৰ প্ৰতিশোধ তুৰন্তে লব লাগিব।

 উজীৰ। ( মুৰদুপিয়াই ) খোদাবন্দ।

 জয়সিংহ। সিংহ শুই থাকোতে, টিপচীযে থাপ্ মাৰি সিংহৰ দাঁতত লাগি থকা মঙহ লৈ যোৱাৰ নিচিনা হৈছে জঁহাপনা।

 আউৰেংজীব। হিন্দুস্থানৰ এই পৃবচুকটোৰ ফালে আমাৰ অত দিন ভালকৈ মন নিদিয়াৰ ফল।

 উজীৰ। (মুৰ দুপিয়াই) খোদাবন্দ।

 আউৰেংজীব। মহাৰাজ, এইবাৰ অকল গুৱাহাটী পুণৰ উদ্ধাৰেই নহয়, বিলকুল আসাম দখল।