পৃষ্ঠা:চক্ৰধ্বজ সিংহ.djvu/৮২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১ম দৰ্শম ]
৭৭
চক্ৰধ্বজসিংহ।

 ( ৰূপহীয়ে হাত পাতি কেৰুজোৰ লৈ মাকৰ হাতত দিয়ে। শদিয়া- খোৱা গোহাঁই যাবলৈ উঠে )

 ৰূপহী। ( শদিয়া খোৱাক ) আপুনি যাবলৈ উঠিছে। কিন্তু বাইদেওক তেলৰ চুপিটো দিবলৈ পাহৰিলে।

 শ, খো, গো। যা এই জনী আদ্ বলিয়াজনী।

[ প্ৰস্থান।

 চেনেহী। ৰূপহী, তোৰ ভাৰী অন্য়ায় যে মানুহৰ আগত এইদৰে অসভা ব্যৱহাৰ কৰ।

 ( ৰূপহীয়ে গাই লৰি পলায়। )-

চেনেহা চেনেহীৰ তেলৰ চুপি।
শদিয়া খোৱা মৰে জুপি ॥

[ লৰি প্ৰস্থান।

_______