পৃষ্ঠা:চক্ৰধ্বজ সিংহ.djvu/৮১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৭৬
[ ৩য় অঙ্ক,
চক্ৰধ্বজসিংহ।

সিহঁতক গাইপতি চাউল আৰু কড়ি দিয়াবৰ দিহা কৰি দিয়াঁ। একুড়ি বামুণক চাউল সিধা দিম। তাৰো দিহা কৰোৱাঁ।

 শ, খো, গো। ভাল আইদেউতা, মই এইবোৰ দিহা আজি- য়েই কৰিম।

চোলাৰ মোনৰপৰা জোন বিৰিৰে সুন্দৰ মনি এধাৰ চেনেহীৰ
ডিঙিত পিন্ধাই দিয়ে।

দেউতাই যুজ জিকা বাবে তোমাক এই বঁটা।

 চেনেহীয়ে অলপ লাজৰ ভাৱ দেখুৱাই। ৰূপহীয়ে অসন্তুষ্ট ভাৱে চাই , হোৱা ৰূপহী আইদেও, তোমালৈকো এইজোৰ ঠুৰীয়া আনিছোঁ পিন্ধিবা।

 ৰূপহী। এতিয়া আপোনাৰ হাততে ঠুৰিয়াজোৰ থাওক. মোৰ কাণৰ বিন্ধা ডাঙৰ হলে পিন্ধিম।

 ফুকননী। ল, ল, মানুহে আদৰকৈ বস্তু দিলে লৈ শলাণ লব পাব।

 ৰূপহী। "আদৰকৈ” দিছে -লম। কিন্তু কাণৰ বিন্ধা কেৰু সোমাব পৰা হবলৈকো বাট নেচাম নে?

 ফুকননী। সোমাব ল। নোসোমায় যদি আজি কুছিলা সুমাই থবি তেনেহলেই কাইলৈ পিন্ধিব পাৰিবি। 1