পৃষ্ঠা:চক্ৰধ্বজ সিংহ.djvu/৭৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৫ম দৰ্শন ]
৬৯
চক্ৰধ্বজসিংহ।

কৰা হওক। মছলমানৰপৰা পোৱা ধনবোৰ আমাৰ সেনাবোৰৰ ভিতৰত বাঁটি দিয়া হওক। গুৱাহাটীৰফালে পাণ্ডু আৰু শৰাই ঘাটৰ কোঠ দুটা আৰু দুচ্চয় কৰি, আমি জয় কৰা অঞ্চল সুশাসন শৃঙ্খলালৈ আনিবৰ সোনকালে দিহা কৰিব লাগে, বুলি বৰফুকনলৈ লেখা হওক। গুৱাহাটীত বৰফুকনে মোৰ প্ৰতিনিধি হৈ থাকি সেই অঞ্চলত শাসন আৰু সসবন্দবস্ত দিহা কৰক। জয় কৰা অঞ্চলৰ মাটিৰ আৰু মানুহৰ পিয়ল কৰিবৰ দিহা কৰা হওক। মুঠতে আমাৰ হাতলৈ অহা দেশখন যাতে আকৌ মছলমানৰ হাতত নপৰে তাৰ ভাল বন্ধৱস্ত কৰা হওক।

 বুঢ়াগোহাঁই। সৰ্গদেৱৰ আজ্ঞামতে সকলো কৰিবলৈ যত্ন কৰা হব।

 বৰগোহাঁই। এতিয়াই প্ৰথম কাৰ্য্য় হৈছে দেৱতাৰ আগত পৃজা দিয়াটো।

 বৰপাত্ৰগোহাঁই। হয় ডাঙৰীয়া।

 চক্ৰধ্বজ। নিশ্চয়, সেইটো আগে। এতিয়াই ঢোল পিটি ৰাইজক শুনাই দিয়া হযওক, আমাৰ এই মহা যুদ্ধত জয় হোৱা বাবে, সকলোৱে যেন আনন্দ উৎসৱ কৰে, গায়ন বায়ন খোল মৃদং গায় আৰু বজায়। আজিলৈ সভা ভঙ্গ কৰা গল।

[ প্ৰস্থান।

আঁৰ-কাপোৰ।

_______