পৃষ্ঠা:চক্ৰধ্বজ সিংহ.djvu/৭৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৬৮
[২য় অঙ্ক,
চক্ৰধ্বজসিংহ।

 কটকী। ফিৰুজখাঁ আৰু চৈয়দ চানাক বৰফুকনে বন্দী কৰি গৰগাঁৱলৈ সৰ্গদেৱৰ ওচৰলৈ পঠিয়াই দিছে, দুই চাৰি দিনতে তেওঁলোক এইখিনি পাবহি সৰ্গদেও।

 চক্ৰধ্বজ। সুন্দৰ কাৰ্য্য় হৈছে, আৰু? আক?

 কটকী। মুছলমানৰ বিস্তৰ সেনা ৰণত পৰিল সৰ্গদেও। বন্দী কৰা বহুত মছলমানক বৰফুকনে গুৱাহাটীতে কটালে,বাকী অলপ-অচৰপ হে পলাই সাৰিল। মছলমানৰ অনেক অস্ত্ৰ শস্ত্ৰ আৰু নানা ৰকমৰ যুজৰ দ্ৰব্য বস্তু খাৰ-বাৰূদ,বৰতোপ হিলৈ আদিও আমাৰ হাতত পৰিল সৰ্গদেও।

বৰগোহাঁই, বুঢ়াগোহাঁইক-প্ৰমুখ্য় সভাসদসকলে আকৌ
তিনিবাৰ উচ্চৰৱ কৰে

--জয় চক্ৰধ্বজ সিংহৰ জয়!!!

 চক্ৰধ্বজ। ঈশ্বৰে মোৰ মনস্কামনা সিদ্ধি কৰিলে। ডাঙৰীয়া সকল, আমাৰ এই জয়ৰ বাবে এই মাহৰ ভিতৰতে ৰিখোৱন মহোৎসৱ কৰিবলৈ যুগুত কৰি, দেওধাই, মোহন, বাইলুংসকলক আজ্ঞা দিয়া হওক। পোতাশালৰ পৰা এহেজাৰ বন্দীক মুকলি কৰি দিয়া হওক। লাচিত বৰফুকনক বখাযোগ্য মান-সৎকাৰেৰে সৈতে গৰগাৱঁলৈ আদৰি অনা হওক। তেওঁৰ লৰা তিৰুতালৈ মোৰ ভঁৰালৰপৰা ধন বস্তুৰ বটাৰ সম্ভাৰ পঠিওৱা হওক। আন বি বি লোক এই যুজলৈ গৈছিল, সকলোকে বটা দি সন্তুষ্ট