পৃষ্ঠা:চক্ৰধ্বজ সিংহ.djvu/৫৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩য় দৰ্শন ]
৫১
চক্ৰধ্বজসিংহ।

আহিবা। ইয়াৰ পিছত ৰজাই এদিন দেউতাক কলে “মোমাই,তই গণকৰ ঘৰ-বাৰী যেনে চকুত লগা কৰিছিলি, মোৰ ঘৰ বাৰীও তেনে কৰি দে, মই তোৰ লগত দুকৰি বাৰী-চোৱা দিলোঁ। ”দেউতাই ৰজাৰ আজ্ঞা মতে সেই কাম কৰিবলৈ ধৰিলে। পুৰ্ব্বে নিজ হাতে বন কৰি ভাত মোকোলাই খোৱা মোমায়ে এতিয়া দুকুৰি মানুহ বাবলৈ পাইও, বৰ উছাহেৰে সেই মানুহৰ লগতে নিজ হাতেও বন কৰি ৰজাৰ ঘৰ-বাৰী ৰমক জমক কৰি পেলালে। ৰজাই দেউতাৰ কাৰ্য্য় দেখি বৰ সন্তোষ পাই তেওক তামুলী লিগিৰাৰ বাব দিলে। ইয়াৰ পিছত তেও ৰজাৰ ভিতৰ ঘৰো সজাই সুশৃঙ্খল কৰিলে। লিগিৰাক ভাগে ভাগে সিহতৰ বন ভগাই দি সকলো শুৱলা কৰি দিলে। তেওঁৰ সেই কামত সন্তুষ্ট হৈ ৰজাই তেওঁক বৰবৰুৱা খিতাপ দি মন্ত্ৰী পাতিলে। তেতিয়াৰ পৰা তেওঁ টোকোনা মোমাই গুচি মোমাইতামুলী বৰবৰুৱা নামে প্ৰখ্য়াত হল। তাৰ পিছত ৰজাই তেওঁক দেশ ভ কৰি প্ৰজা সংস্থাপন কৰিবলৈ দিলে। তেওঁ এহেজাৰ মানুহ লগতলৈ পাটকাইৰ পৰা গুৱাহাটীলৈকে পৃথক পৃথক ৰূপে মাটি হিচাপ কৰি নানকৰ,বহ্মোত্তৰ,দেৱোত্তৰ,মাটি আৰু ৰযোতৰ মাটিৰ,সীমাৰ গোলমাল মাৰি দিলে। অৱশ্য়ে এইবোৰ কৰিবলৈ তেওঁৰ কেইবা-বছৰো লাগিছিল। গাৱেঁপতি লৰাই পঢ়িবৰ নিমিত্তে পঢ়াশালি তেওঁ পাতি দিলে,ধোবা,নাপিত,কমাৰ,কুমাৰ,বঁহাৰ চমাৰ আদি ব্য়ৱসায়ী মানুহ ঠায়ে ঠায়ে বহুৱালে,ঠাই বুজি হাট পতাই দিলে,