তামুলী বৰবৰুৱাৰ জন্ম হয়। তেওঁ অতি দৰিদ্ৰৰ সন্তান আছিল। তেওঁ সৰুতে মাক বাপেকক হেৰুৱাই, অনাথ হৈ, বহুত ঠাইত বাগৰি, শেহত গৰগাৱঁৰ গণক এঘৰত আশ্ৰয় লৈ আছিল গৈ। তেতিয়া তেওঁৰ বয়স ২০। ২৫ বছৰমান হব। পূৰ্ব্বে আসামত ৰজাৰ নগৰৰ বাহিৰে ইতৰ মানুহৰ ঢাপ-মৰা বাৰী নাছিল। তোৰ ককাৰে নিজৰ বুদ্ধিমতে গণকৰ বাৰী মেৰাই সুন্দৰকৈ ঢাপ মাৰি টাটি-চকোৱা দি,এখন ফুলৰ বাগিছা কৰি, ঘৰ-বাৰীত ফু-মাৰি ভাত খাব পৰা কৰিছিল। গণকৰ ঘৰ-বাৰী তেওঁ এনে চকুত-লগা কৰিছিল যে বাটৰুৱাই এবাৰ ৰৈ সেই ঘৰ-বাৰী চাই গৈছিল। এদিন বুদ্ধিসৰ্গনাৰায়ণ ৰজাই শেন মেলা চাবলৈ হাতীৰে সেইপিনে যাওঁতে, গণকৰ ঘৰ-বৰী তেনে বিতোপন দেখি,সেই ঘৰ-বাৰী কাৰ বুলি শুধি, গণকৰ বুলি শুনি, গণকক মতালে। ৰজাই মতোৱা শুনি গণক ভয়ত ততনাইকীয়া হল, তেওঁ কিবা জগৰ লগালে ভাবি। গণকে কঁপিজপি আহি ৰজাৰ আগত আঠুললত, ৰজাই তেওঁক শুধিলে “বাপু, তুমি কাৰ হতুৱাই নো তোমাৰ ঘৰ-বাৰী এনেকৈ চকুত-লগা কৰাইছা? " গণকে জনালে “সৰ্গদেও, বন্দীৰ ঘৰত মোমাই নামেৰে লুথুৰাশনিয়া লৰা এটা আছে, সেইবোৰ তাৰে বন। ৰজাই মোমাইক মতাই অনালে। দেউতাৰ লোথোৰা-লুথুৰি হাত ভৰি বহল কপাল, উজ্জ্বল চকু আৰু আটিল গা দেখি ৰজাৰ তেওঁত মৰম সোমাই "লৰাটো মোক দিয়া” বুলি গণকক কৈ ধন বস্তু দি তুষ্ট কৰি দেউতাক লগত লৈ
পৃষ্ঠা:চক্ৰধ্বজ সিংহ.djvu/৫৫
অৱয়ব