আৰু এখন গাৱঁৰ মানুহ আন গাৱঁলৈ বস্তু বিচাৰি যাব নলগা কৰি সকলোকে নিজ নিজ বাৰীত শস্য ৰুই লবৰ নিয়ম কৰি দিলে। গাৱঁৰ সামান্য জগৰ ভাঙিবৰ নিমিত্তে গাওঁবাৰিক, বৰা, শইকীয়া,হাজৰিকা পাতি দিলে; ৰাজমন্ত্ৰীৰ শোধৰ নিমিত্তে ডাঙৰ ডাঙৰ জগৰবোৰ হে ৰাখিলে। প্ৰজাবোৰক পৰিশ্ৰমী কৰাবৰ নিমিত্তে গধুলি মাইকীজনীয়ে পতি ৭টা সূতলাহি পকাই, আৰু মতাই চালনী, কুলা, খৰাহি বৈ গাওঁবাৰিকক দেখুৱাবলৈ আজ্ঞা প্ৰচাৰ কৰি দিলে। এই আজ্ঞামতে কাৰ্য্য় নেপালে, গাওঁবাৰিকে, বৰা শইকীয়াৰ আগলৈ জগৰীয়াক নি চাইটা চাইটা কোব মাৰিবৰ নিয়ম লগাই দিলে। নগৰৰ সৌষ্টৱ আৰু নগৰ ৰক্ষাৰ নিমিত্তে নানা শিল্পকৰ, কাঁৰী, বাৰুৱতী, হিলৈদাৰী প্ৰভৃতি ৰাখিলে। তেওঁ সৰু কালৰ দুখৰ কথা সুৱৰি অনেক দৰিদ্ৰ অনাথ মানুহক তাৰিছিল। তেওঁৰ সুশাসনৰ গুণতে, প্ৰজা বৃদ্ধি হৈ পৰ্ব্বতৰ কাষলৈকে মানুহ বহি মহাসুখে নিৰাপদে কাল কটাইছিল,এতেকে বোপা ‘প্ৰিয়ৰাম, এইটো তই নেপাহৰিবি যে তই এনেজন লোকৰ নাতি। -.. যাওক, সেই কথা। আজি আমি যুজত জিকিছোঁ যদিও, এনেটো ভাবিলে ভুল হব যে আমাৰ বিপদ গল। বৰং বিপদৰ আচল মাজত হে আমি এতিয়া প্ৰবেশ কৰিছোহঁক। ইয়াতকৈও ডাঙৰ যুজ আহিব লাগিছে। সেইদেখি বোপা তই যা, সকলোকে ক-গৈ, কোনেও যেন যুজ জিকিলোঁ বুলি গা ঢিলা নিদিয়ে! চৈয়দ চানা আৰু ফিৰুজখাঁক কাইলৈ
পৃষ্ঠা:চক্ৰধ্বজ সিংহ.djvu/৫৭
অৱয়ব