পৃষ্ঠা:চক্ৰধ্বজ সিংহ.djvu/৪৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৪৪
[২য় অঙ্ক,
চক্ৰধ্বজসিংহ।

সমান কতো নাই॥
নিৰাশ নহবা  পুৰণি প্ৰেমধৰ,
কুঁহিয়াৰ-বাৰীৰ গিৰী।
ভগা চকোৱা  ৰাতি লোৱাঁ
( আকৌ ) মৰমৰ দেখিবা চিৰী॥

 প্ৰিয়ৰাম। আজিলৈ আমাৰ সবাহ ভাগিল। কাইলৈ সকলো যাবলৈ সাজু হৈ থাকিবি।

 গজপুৰীয়া। মোৰ গজপুৰীয়ানীও যাব তো?

 প্ৰিয়ৰাম। যাব।

 (টকৌৱে গায়)---

গীত।

উঠা অসমীয়া উঠা কাছি পাৰি।
ৰজা প্ৰজা উঠা বুকু ডাঠ কৰি॥
অসম মাতৃৰ হকে কৰোঁ ৰণ।
দেশ ৰক্ষা কৰোঁ কৰি প্ৰাণপণ॥

(এটাইকেটাই উঠি গায়)

বঙালক বঙালক বঙালক মাৰোঁ।
বঙালক সোণকোহ নৈ পাৰ কৰোঁ॥
জয় ৰাম বোলোঁ;জয় হৰি বোলোঁ;