পৃষ্ঠা:চক্ৰধ্বজ সিংহ.djvu/৪৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১ম দৰ্শন,]
৪৩
চক্ৰধ্বজসিংহ।

 সিদ্ধিৰাম। আমাক নিদিলেও, আমাৰ গজপুৰীয়া কাইকো তো এখন দিব লাগিছিল।

 গজপুৰীয়া। এ আমাৰ কথানো কি কবা দেওহে,বোলোঁ সান্দহ-খোৱা বালি তল যায় যায় হৈছে।

 টোকোৰা। তল যাব খোজা নাই, বালিৰ ওখ চাপৰি হে পৰিব খুজিছে।

 প্ৰিয়ৰাম। ( খুত্কুৰিয়াই মুখৰ তামোল পেলাই) বোলোঁ, আজি আমোলত কিহৰ গোন্ধ? কিবা পোক-তোক আছিল হবলা।

 টোকোৰা। পোক কত খাকিব, আছিল যদি মৰম আছিল।

 টকৌ। মৰমৰ আহুদিও হব পাৰে।

(গজপুৰীয়ানীৰ মুখ ৰঙা পৰে)

 প্ৰিয়ৰাম। পানী এলোটা আনাচোন, বেগতে মুখখন ধুই পেলাওঁ, কিবা খৰক্ খৰক্ কৈ দাঁতত লাগিছে, চুণত বালি কি শামুকৰ চোকোৰা আছিল হবলা।

 (গজপুৰীয়ানীয়ে পানী আনি দিয়ে,প্ৰিয়ৰামে মুখ ধুৱে)

 গজপুৰীয়া। নতুন মৰমৰ চোক বেছি। সেইদেখি ডাকিলে।

 (টকৌৱে গায়)

 ন মৰমৰ   নতুন চোকে
জিভা ডাকি যায়।
পুৰনি চেনেহ   পকা বহিব