পৃষ্ঠা:চক্ৰধ্বজ সিংহ.djvu/৫০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১ম দৰ্শন,]
৪৫
চক্ৰধ্বজসিংহ।

জয় জয় কৰি।
খেদি নিওঁ বঙালক খেদি নিওঁ বঙালক,
আহ, আহ, দূৰ কৰি॥

[ গজপুৰীয়ানীৰ বাহিৰে আন কেজনৰ প্ৰস্থান।

 গজপুৰীয়ানী। (স্বগত) মোৰ আহুদিত জেঙাহে লাগিল। তামোলৰ আহুদিয়ে নেফাপিলে। পানীত দিব পৰা আহুদিহে সুবিধা হব। আলতী বাইৰ ওচৰলৈ যাওঁ, এইবাৰ লাওপানীত গম নেপোৱাকৈ মিহলাই দিব পৰা এটা জুলিয়া আহুদি খুজি আনি থওঁ।

প্ৰস্থান।