টকৌ। ঠিক কথাষাৰো কব নোৱাৰ, কৰ মূৰ্খ এইখন। ক--লাওপানী ওলাব।
- (এটাইকেটাই হাঁহে আৰু লাওপানী খায়)
প্ৰিয়ৰাম। তেন্তে এইটো ঠিক হল যে, কাইলৈ তহঁত এটাইকেটাই যুজলৈ যাবলৈ সাজু হৈ থাকিবি। তহঁতক লৈ যাবলৈ মই সকলো বন্ধবস্ত কৰি থৈছোঁ।
গজপুৰীয়া। ডেকাফুকন বোপা, মই কি পিন্ধি উৰি যাম? মোক হাজৰিকাৰ পাগ-জামা লাগে।
প্ৰিয়ৰাম। বোলোঁ হাতীৰাম হাজৰীকা, তই বিয়া কৰাবলৈ ওলাইছ নে কি, যে তোক পাগ-জামা লাগে?
গজপুৰীয়া। কোনে জানে? মোৰ ঘৰৰ ঘৈণীজনীৰ মতি-গতি যেনেহে দেখিছোঁ, কিজানি যুজৰ পথাৰতে মোৰ ন-কৈ তেনেকুৱা কিবা বিয়া চিয়া এখনকে পাতিব লগীয়াত পৰোঁৱেই?
টকৌ। বঙালৰ বৰ হিলৈ এজনীৰে সৈতেই আমাৰ হাজৰিকাৰ বিয়া পতা যাব। সেইজনী কইনায়ে চুপ্ চুপ্কৈ আমাৰ হাজৰিকাৰ বৰ পেটত চুমা খাব।
[গজপুৰীয়ানীৰে প্ৰিয়ৰামক দুখন ঠুৰীওৱা তামোল দিয়ে। দুইখন প্ৰিয়ৰামে একে বেলিয়েই মুখত সুমায়। ]
টোকোৰা। (গজপুৰীয়ানীক) বোলোঁ আমাক নিদিলা দেখোন?