এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১ম দৰ্শন,]
৪১
চক্ৰধ্বজসিংহ।
টকৌ--
“কানুৰ পীৰিতি বালিৰ বাঁধ।
খণে হাতত জৰী, খণেকে চান্দ॥
গজপুৰীয়া- -
(এই) বুঢ়াৰ পীৰিতি শিলৰ খুটি।
পোতগৈ আছে পতাল ফুটি॥
প্ৰিয়ৰাম। চুপ্ ৰও গোবৰৰ পৰ্ব্বত! বেচিকৈ নবকিবি!
গজপুৰীয়া। এই গোবৰৰ পৰ্ব্বতেতো গজপুৰীয়ানী যেন পদুম ফুল পাহি ফুলিছে, যাক দেখি লৰা ডেকা বুঢ়া সকলোৰে মূৰ আচন্দ্ৰায়।
টকৌ। ফেঁচাৰ হিংসাত টোপনিও নাই।
গজপুৰীয়া। শিয়ালে টকৌ গুটিও নেখায়।
প্ৰিয়ৰাম। চুপ্! চুপ্! গজপুৰীয়ানী, কুলি ধৰি ইয়াৰ কাণ দুখন মোহাৰি দিয়াহেঁ।
- (গজপুৰীয়ানীয়ে গজপুৰীয়াৰ কাণ মলে)
গজপুৰীয়া। উস্ উস্ টান পাইছোঁ! বোলোঁ টানকৈ নো মোহাৰিবি প্ৰিয়া!তাৰ পৰা তেজ ওলাব।
টোকোৰা। তেজ নোলায়,তেল ওলাব।