পৃষ্ঠা:চক্ৰধ্বজ সিংহ.djvu/৪৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
[ ২য় অঙ্ক,
চক্ৰধ্বজসিংহ।

 গজপুৰীয়া। তাৰ উপৰি, মোৰ. পিছে পিছে লাওপানীৰ টেকেলি লৈ ফুৰিব কোনে? লাওপানী একোঢোকা খাই না পাকিলে যুজিমহঁক কেনেকৈ?

[এটাইকেতাই কিৰিলি মাৰি হাঁহে, আৰু “লাওপানী" “লাওপানী" কৈ চিয়ঁৰে। ]

(গজপুৰীয়ানীৰ লাওপানী লৈ প্ৰবেশ)

 গজপুৰীয়ানী। মই ডেকাফুকন বোপালৈ হে লাওপানী আনিছোঁ, তোমালোক মদাহীখনলৈ নহয়। (প্ৰিয়ৰামলৈ চেনেহৰ চকুৰে চায়)

 গজপুৰীয়া। (গজপুৰীয়ানীৰ গুৰিলৈ উঠি গৈ পাক দি নাচি ) বোলোঁ---

বসৱতী কাঁচনমতী।
ডেকাফুকনৰে বৰপৰিতি॥
গজপুৰীয়া বাহী হল।
নকুললৈ ভোমোৰী গল॥

বোলোঁ সখি, গজমতি! মোৰ প্ৰতি ইমান নিৰ্দ্দয় কিয়? বোলোঁ সেইটি পখিলাক ধৰিব নোৱাৰ; এই বুঢ়া বৃষভৰ পিঠিত বহি হে ডুম্ ডুম্ ডুম্ ডম্বৰু বজাবলৈ পাবি,ঠিক জানিবি।