পৃষ্ঠা:চক্ৰধ্বজ সিংহ.djvu/৪৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১ম দৰ্শন ]
৩৯
চক্ৰধ্বজসিংহ।

 গজপুৰীয়া। (বৰকৈ হাঁহি আনন্দ প্ৰকাশ কৰি টিলিকিয়াই হেঁকাই টিলিকি বাওঁ। টেকেলিয়ে টেকেলিয়ে লাওপানী খাওঁ!!

 জপৰা। গজপুৰীয়া কাইৰ ইমান আনন্দটো কিহৰ বাবে হৈছে?

 টোকোৰা। মৰিবলৈ পাব বুলি।

 গজপুৰীয়া। ঢেইক্ কটা আপদীয়া! বোলোঁ কোন মৰিব? গজপুৰীয়া?-- তহঁত ইমানবোৰ থাকোঁতে? মৰা-ছজাত তহঁত হে; তাত গজপুৰীয়াক নেপাৱ।

 সিন্ধিৰাম। তেনেহলে ইমানটো ৰং কিহৰ বাবে বা হৈছে?

 প্ৰিয়ৰাম। দীৰ্ঘদশী গজপুৰীয়াৰ কথাৰ মৰ্ম্ম তহঁতৰ বুজিবৰ শকতি নাই। মই বুজিছোঁ।

 সিদ্ধিৰাম। কওকচোন কওক?

 প্ৰিয়ৰাম। সি যুজলৈ গলে, মৰা সেনাৰ গাৰ কাপোৰ কানি ৰূপবান চুৰকৰি গোটাই আনিবলৈ পাৰ দেখি।

 গজপুৰীয়া। ডেকাফুকন বোপা, তুমি বৰ শিয়ান। লোকৰ পেটৰ কথাটোও টানি উলিয়াব পাৰাঁ। (এটাইকেটাই হাঁহে) কিন্তু বোপা, গজপুৰীয়ানীকো লগত লৈ যাব লাগিব।

 টকৌ। গজপুৰীয়ানীক লগত কিয়? তেৱোঁ যুজ কৰিব নে?

 প্ৰিয়ৰাম। বুজা নাই হবলা? তাই লগত নাথাকিলে, চুৰ কৰা বস্তুৰ টোপোলা কোনে বৈ আনিব? সিতো তাৰ বৰ পেটৰ ভৰতে অস্থিৰ। (এটাইকেটাই হাঁহে)