টোকোৰা। আৰু টকৌকো বাতলুগুটি কৰি মাৰি পঠিয়াব পৰা যাব।
জপৰা। মই হলে আঁৰ-পৰ্ব্বতৰ আঁৰৰপৰা ওলাই, টোকোৰাৰ মূৰটো কাটি এহাতে ঢাল-বাৰূ কৰি লৈ, সিহাতে খাণ্ডাৰে বঙালেৰে সৈতে যুজিম।
টোকোৰা। ওঁ পাৰিবি, যদি তোৰ খোৰাভৰিৰ ওপৰত ভৰদি থিয় হৈ থাকিব পাৰ।
গজপুৰীয়া। ডেকাফুকন বোপা, সঁচা কৈয়ে তুমি মোক হাজৰিকা পাতি যুজ লৈ নিবা নে?--নাই ধেমালি হে কৰিছা?
প্ৰিয়ৰাম। মই ধেমালি কৰা নাই। দেউতাই মোকো এদল ৰণুৱাৰ সেনাপতি পাতি যুজ লৈ যাবলৈ হুকুম দিছে। মই দেউতাক কৈছিলোঁ, বোলোঁ গজপুৰীয়াকো এদল ৰণুৱাৰ হাজৰিকা পাতি যুজলৈ লৈ যাম। দেউতাই হাঁহি মনে মনে থাকিল, একো আপত্তি নকৰিলে। জান গজপুৰীয়া, দেউতাক মই দোষৰবাবে ক্ষেমা প্ৰাৰ্থনা কৰি আগলৈ ভাল হম বুলি সৈ কাঢ়িলত, দেউতাই মোক ক্ষেমা কৰিলে। এতিয়া আগৰদৰে নহয়, দেউতাই মোক ভাল পাইছে। এতিয়া সেইদেখি তই,টকৌ,টোকোৰা,সিদ্ধিৰাম,জপৰা,আমি এটাইবোৰ যুজলৈ যামহঁক! মোৰ মতলব,--আমি দেউতাক দেখুৱাই দিমহঁক যে আমি লাওপানী খাই হুৰামুৰা চিঁয়ৰ বাখৰ কৰি ফুৰিব যেনেকৈ পাৰোঁ,নিজৰ দেশ ৰক্ষাৰ নিমিত্তে সেইদৰে যুজিবও পাৰোঁ।