এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১ম দৰ্শন ]
৬৭
চক্ৰধ্বজসিংহ।
দ্বিতীয় অঙ্ক।
প্ৰথম দৰ্শন।
স্থান—গজপুৰীয়াৰ ঘৰ।
কাল--ৰাতি সন্ধ্য়া লাগি ভগাৰ পিছত।
( প্ৰিয়ৰাম,গজপুৰীয়া, সিন্ধিৰাম, টকৌ, টোকোৰা,জপৰা )
গজপুৰীয়া। ডেকাফুকন বোপা, মছলমানৰ সৈতে তো যুজ লাগিল। তোমাৰ দেউতাৰ ডাঙৰীয়া সেনাপতি হৈ গল। তুমিও বোলে কাইলে যাবা। এতিয়া গজপুৰীয়াৰ কি গতি কৰিবা?
প্ৰিয়ৰাম। গজপুৰীয়াকো এহেজাৰ কাঁৰীৰ ওপৰত হাজৰিকা পাতি যুজলৈ লৈ যাম।
সিন্ধিৰাম। তেনে বেছ হব; আমাৰ সৈন্য়বোৰৰ আগত গজপুৰীয়া ককাইক আঁৰ-পৰ্ব্বত কৰি থিয়কৈ থৈ দিমহঁক, তেনেহলে তেওঁৰ গা এৰাই আৰু ইফালে বঙালৰ গুলি কাঁৰ একো আহিব নোৱাৰে। এইটো ডেকাফুকন ডাঙৰীয়াই বৰ ভাল কাম কৰিব খুজিছে।
টকৌ। মইও কওঁ, বৰ বুদ্ধিৰ কাম হৈছে। তেতিয়া হলে আমি এই পৰ্ব্বতৰে আঁৰ লৈ,বাঁহৰশলি যেন সিদ্ধিৰাম কাইক কাঁৰ কৰি লৈ আমাৰ ধেনুত লগাই গালৈ মাৰি পঠিয়াব পাৰিম।