পৃষ্ঠা:চক্ৰধ্বজ সিংহ.djvu/৪১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩৬
[ ১ম অঙ্ক,
চক্ৰধ্বজসিংহ।

তাৰ গাত ককাদেউতা আৰু দেউতাৰ তেজৰ সোত নিশ্চয় আছে; সেই সোতক বাহিৰৰ ছাই মাকটিয়ে সদায় ঢাকি ৰাখিব নোৱাৰে। দেউতা, আপোনাৰ এই অধম সন্তানক ক্ষেমা কৰি সময় দিয়ক, এই অধমে কলঙ্কৰ বোজা অচিৰতে দলিয়াই পেলাই দেউতাৰ পুত্ৰৰ যোগ্য ঠাই অধিকাৰ কৰিবলৈ সক্ষম হব।

[লাচিত বৰফুকনে একো নামাতি উঠি গুচি যায়। ]

 ফুকননী। হেৰ বোপাই, তই দেখোন দেউতাৰৰ আগত এই-বোৰ বৰ ভাল কথা কলি। তই নো কিয় ভাল নহৱ, মোৰ মইনা! তই নো দেউতাৰৰ খং তোলাৱ কিয়? মই বুজিছোঁ তোৰ অনেক শতুৰু। তই আৰু সেই দুষ্ট মানুহবোৰৰ লগ নলবি; এৰি দে মোৰ মইনা। তোৰ ভালৰ নিমিত্তে মই গোসাঁই ঘৰত বৰ সবাহ পাতিবলৈ আগ কৰিছোঁ। মোৰ মূৰকে খাৱ,আজিৰপৰা তই ভাল হ, আৰু সেই দুষ্ট মানুহবোৰৰ লগ লৈছ যদি, এৰি দে। (মূৰত হাত ফুৰাই) তই ভাল হ, মোৰ মইনা,আৰু দেউতাৰৰ খং নোতোলাবি।

আঁৰ-কাপোৰ