পৃষ্ঠা:চক্ৰধ্বজ সিংহ.djvu/৪০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩য় দৰ্শন ]
৩৫
চক্ৰধ্বজসিংহ।

আপোনাক কোনোবাই টুটকীয়া লগাই খং তোলাইছে, মই বুজিছোঁ। (প্ৰিয়ৰামক) হেৰ বোপাই, তই নো কাৰ কি কৰিলি,চাৰিউফালে যে তোৰ ইমান শত্ৰু হল? আজিৰপৰা তই আৰু বাহিৰলৈ ওলাই নেজাবি, মোৰ বোপাই। ঘৰত মই আছোঁ,'তোৰ দুজনী ভনীয়েৰ আছে, তোক যি খাবলৈ লাগে, যি পিন্ধিবলৈ লাগে,যি ৰং ধেমালি কৰিবলৈ লাগে, সকলবোৰ তই ঘৰতে পাবি, মই যাতনাই দিম। তোৰ নো কিহৰ নাটনি হেৰ?

 লাচিত। (প্ৰিয়ৰামক) তই মোমাইতামুলী বৰবৰুৱাৰ ঘৰৰ কুলকলঙ্ক। সৰু মানুহ, দুষ্ট মানুহবোৰেৰে সৈতে তোৰ মিতালি! তই আমাৰ বংশত কুলাধম উপজিলি? যা মোৰ আগৰপৰা গুচি যা! তোৰ মই মুখ নেচাওঁ।

 প্ৰিয়ৰাম। (আঠুকাঢ়ি হাতজুড়ি) দেউতা মোক ক্ষেমা কৰক। মই কুসঙ্গত পৰি অৱশ্যে এনে অনেক কাৰ্য্য় কৰিছোঁ যাৰবাবে আপোনাৰ অখ্য়াতি আহিব পাৰে। কিন্তু দেউতা, সেইবোৰ উতনুৱা চট্ ফটীয়া চেঙেলীয়া ডেকালৰাৰ অদম্য় প্ৰবৃত্তিৰ উত্তেজনাৰ কাম বুলি ভাবি ক্ষেমা কৰক। দেউতা, ইমান জনা শুনা বিজ্ঞ লোক,মইনো আৰু দেউতাক কি কম। আপুনি মোৰ জীৱনৰ গৰাকী, অশেষ ভক্তিৰ পাত্ৰ, পিতৃ দেৱতা, আপোনাৰ আগত সৰহ কথা কবলৈ গৈ মোৰ মূৰ্খতা আৰু আস্পৰ্দ্ধা প্ৰকাশ নকৰোঁ। কিন্তু দেউতা,আপোনাৰ এই অধম সন্তান সম্প্ৰতি যিমানকে অধোগামী নহওক,যিমানকে মলি লাগি মলিয়ন নহওক