পৃষ্ঠা:চক্ৰধ্বজ সিংহ.djvu/৩৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৪
[ ১ম অঙ্ক,
চক্ৰধ্বজসিংহ।

 লাচিত। আঢ়ৈ কুৰি বছৰীয়া মদপী পেটাল সেই গজপুৰীয়া নামেৰে "লৰাটোৱে" নে?-নামাত কিয়? হেৰ তই মোক কি ফাঁকি দিবি? মই নাড়ী-নক্ষত্ৰ সোপাকে জানিছোঁ। তই কত ফুৰ, কি কৰ, তাৰ ডাঁৰৰ বাতৰি ডাঁৰে মই পাই আছোঁ। বাৰু তোৰ চকু দুটা ইমান ৰঙা হৈছে কিয় কচোন?

 প্ৰিয়ৰাম। কালি ৰাতি টোপনি খতি হৈছিল দেখি আজি এতিয়া টোপনি আহিছিল, তাতে অলপ মোহাৰি দিছিলোঁ।

 লাচিত। বাটত খোজ কাঢ়ি ফুৰোতেই টোপনিয়ে তোৰ লগ ধৰিছিল নে? বাৰু, তোৰ মুখত ফটিকাৰ গোন্ধ কিয়?

 প্ৰিয়ৰাম! কতা! মই দেখোন নাই পোৱা।

 লাচিত। ফটিকা পেট সুমাওঁতাই নিজৰ মুখৰ গোন্ধ নিজে পায় নে কি?

 প্ৰিয়ৰাম। কি জানি দেউতা, মই সেইটো নাজানো।

 ফুকননী। বোলোঁ ওৰে দিনটো নোখোৱা নোৰোৱাকৈ টট-কৰে ঘূৰি ফুৰি তাৰ পিত-পানী উজাৰ খাইহে গোন্ধা ইছে,যদি গোন্ধাইছে; মোৰ বোপায়ে লাওপানী কত পাব? মোৰ আজলা লৰাটোৱে নো লাওপানী কাওপানী কি বুজ পায়? হেৰি কিয় নো তাক সেইদৰে কয়?

 লাচিত। তোমাৰ লৰা বৰ আজলা; তাৰ পিয়াহ খোৱা দাঁত সৰাই নাই।

 ফুকননী। মোৰ লৰাটোৰ ওপৰত এটাইৰে হিংসা। তাৰ নাম