লাচিত। ( দুৰত প্ৰিয়ৰামৰ মাত শুনি) সেইটো তোমাৰ পুত্ৰৰ মাত শুনিছো নহয়। --সেইটো কোন? প্ৰিয়ৰাম নে?
প্ৰিয়ৰাম। হয় দেউতা ময়ে।
লাচিত। এই পিনে আহ!
( প্ৰিয়ৰামৰ প্ৰবেশ)
বৰফুকননী। হেৰ বোপাই, মইনো এইবোৰ তোৰ মানে কি শুনিবলৈ পাইছোঁ কচোন?
লাচিত। (ঘৈণীয়েকক) তুমি মনে মনে থাকাঁ; মোকে শুধিবলৈ দিয়াঁচোন। (প্ৰিয়ৰামক) তই কলৈ গৈছিলি?
প্ৰিয়ৰাম। অলপ ফুৰিবলৈ ওলাই গৈছিলোঁ।
লাচিত। কালি ৰাতিৰ দুপৰলৈকে কত আছিলি?
প্ৰিয়ৰাম। ভাৱনা চাইছিলোঁ।
বৰফুকননী। হেৰ নোখাৱা নোবোৱাকৈ এই মাঘমহীয়া ৰাতি তই ভাৱনা চাব পাৱ নে? কি বলিয়া লৰা একা! মোৰ নো কি মৰিবৰ চিন হল!
লাচিত। (ঘৈনিয়েকক তুমি মনে মনে থাকাঁচোন। মোক শুধিবলৈ দিয়াঁ (প্ৰিয়ৰামক) হেৰ কি ভাৱনা? কত ভাৱনা?
প্ৰিয়ৰাম। জোকতলিত। ৰাধাহৰণ ভাৱনা।
লাচিত। আমাক সেই ভাৱনালৈ মতা নাছিল যেতিয়া, তই তালৈ গৈছিলি কিয়?
প্ৰিয়ৰাম। লগৰ লৰা জনচেৰেকে মোক টানি লৈ গল।