পৃষ্ঠা:চক্ৰধ্বজ সিংহ.djvu/৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ৰজাৰ মৃত্যু আৰু উদয়াদিত্য ৰজাৰ ৰাজপাটত উঠাৰ আৰম্ভ হয় ১৬৭০ খৃষ্টাব্দত অৰ্থাৎ ১৫৯২ শকত। তেনেহলে চক্ৰধ্বজৰ দিনতে এই যুদ্ধ যেনেকৈ আৰম্ভ হয় তেনেকৈ শেষো হয়। গেইটৰ বুৰঞ্জীয়ে আৰু আন কোনো কোনো লেখকে উদয়াদিত্য়ৰ দিনতহে এই যুদ্ধ শেষ হোৱা বুলি কয়। মোৰ হাতত আন বিশেষ সজুলিৰ অভাৱত মই কোনেটো ঠিক, কোনেটো “বেঠিক” তাৰ বিচাৰলৈ নগৈ, গোসাঞী দেৱৰ মতকে অনুসৰণ কৰিলোঁ।

 শেহত আৰু একাষাৰ কথা কওঁ যে, মহাকবি চেক্সপিয়েৰৰ প্ৰিন্স হেনৰি : Hal ), ফল্ষ্টাফ : Falstuff , আৰু তেওঁ- লোকৰ লগৰীয়াসকলৰ চৰিত্ৰৰ চানেকীৰ কিছু দূৰ অনুসৰণ কৰি, এই নাটৰ প্ৰিয়ৰাম আৰু গজপুৰীয়া প্ৰভৃতিৰ চৰিত্ৰ গঠন কৰা হৈছে। মহাকবিৰ পদাঙ্ক অনুসৰণ কৰি তেওঁৰ আশীৰ্ব্বাদৰ কণা মাত্ৰ লাভৰ ভিকহু হোৱা হে লেখকৰ মনস্কামনা।


বৰেলচ। হাওড়া।
ভাদ ১৮৩৭ শক।
গ্ৰন্থকাৰ

__________________