এই নাটৰ সম্পৰ্কে ইয়াকে কব লগীয়া যে মোৰ আদৰৰ বন্ধু
শ্ৰীযুক্ত হেমচন্দ্ৰ গোসাঁঞীৰ “শৰাইঘাটৰ যুদ্ধ” , উষা নামে
মাহেকীয়া কাকতত ওলোৱা) প্ৰবন্ধৰপৰা ইয়াৰ ঘাই সজুলি
লোৱা হৈছে। অনেক ঠাইত সেই প্ৰবন্ধৰপৰা শাৰীয়ে শাৰীয়ে
কথা এই কিতাপত ব্যৱহাৰ কৰা হৈছে। এই কাৰ্য্য়ত গোসাঞী
দেৱে অনুমতি দি, এই কিতাপ ৰচনাত মোক সহায় কৰা বাবে
মই তেওঁৰ ওচৰত কৃতজ্ঞ আৰু ধৰুৱা। মিষ্টৰ গেইটৰ ইংৰাজী
আসাম বুৰঞ্জীৰপৰাও কিছু সহায় পাইছোঁ, সেই বাবে মিষ্টৰ
গেইটৰ ওচৰতো মই ধৰুৱা। মোমাই তামুলী বৰবৰুৱাৰ
জীৱনৰ কথা যি ইয়াত আছে তাক মই মোৰ শ্ৰদ্ধাস্পদ
বন্ধু বিজ্ঞবৰ শ্ৰীযুক্ত উপেন্দ্ৰনাথ বৰুৱা দেওৰ কিতাপৰপৰা লৈছোঁ,
সেইবাবে বৰুৱা দেওৰ ওচৰত মই কৃতজ্ঞতা স্বীকাৰ কৰি ধৰুৱা
হৈ ৰলোঁ। এই কিতাপ ৰচনা কৰাৰ মোৰ ঘাই উদ্দেশ্য
আসামৰ অতীত গৌৰৱ-কাহিনী নাটৰ আকাৰেৰে আজিকালিৰ
অসমীয়াৰ আগত প্ৰচাৰ কৰাটো হে, নাট লেখি যহ আৰ্জিবলৈ
যোৱাটো নহয়। কিন্তু লগতে যদি যহ উপাৰ্জ্জন হয় হওক,
নহয় নাই।
আতে একাষাৰ কথা কব লগীয়া এই আছে যে শ্ৰীযুত গোসাঞী দেৱৰ মতে ১৫৯০ শকৰ কাতি মাহত এই যুদ্ধ শেষ হয়। চক্ৰধ্বজ