পৃষ্ঠা:চক্ৰধ্বজ সিংহ.djvu/২৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২য় দৰ্শন]
২৩
চক্ৰধ্বজসিংহ।

সগৰ ৰজাৰ তথাপি সাগৰত
পানী চপ্ চপাই।
কেৰ্কেটুৱাৰ পোৱালিয়ে
পকা তামোল পাই।
ৰঙা দেখি কামুৰি মৰে
দাঁত ভাগি যায়।

 প্ৰিয়ৰাম। হেৰ গজপুৰীয়া! হেৰ হাতীমূৰা পৰ্ব্বত। মনে মনে থাক। বামুণ-ভেকোলাৰ গান কোনেও নুশুনে।

 গজপুৰীয়া। বৰ পুখুৰীয়ে শুনে।

 টোকোৰা। তোমাৰ বৰ পুখুৰী সৌ গজপুৰীয়ানী নে?

 গজপুৰীয়া। " অলবৎ। ”

 গজপুৰীয়ানী। ( মুখ বিকটাই, গজপুৰীয়ালৈ চাই ) ইস্ কেনেখন কৰিছে নেদেখিছা! মই এওঁৰ বৰ পুখুৰী হʼবলৈ গলোঁ।

 গজপূৰীয়া। হবি তো, তই বৰপুখুৰী। এই বৰপুখুৰীত মই পদুম হৈ ফুলিম, ডেকাফুকন ৰাজহাঁহ হৈ চৰিব; টোকোৰা,জপৰা, সিন্ধিৰাম, লালুকি হৈ সাতুৰিব।

 টকৌ। মই নো বাদ গলোঁ কিয়?

 প্ৰিয়ৰাম। তই তাত শেলাই হৈ ওপঙিবি।

 গজপুৰীয়া। তেন্তে আন লাওপানী!

 এটাইকেটাই “আন লাওপানী” বুলি চিয়ঁৰে।

 গজপুৰীয়ানী। মই তোমালোক ইমানকৈ লাওপানী খাবলৈ