পৃষ্ঠা:চক্ৰধ্বজ সিংহ.djvu/২৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২২
[১ম অঙ্ক,
চক্ৰধ্বজসিংহ।

 গজপুৰীয়া। তোমালৈ থাকিবতো দেও; আজি “তোমাৰ পুহ মাহ। গজপুৰীয়াৰহে সৰ্ব্বনাহ ,"

টকৌৱে গায়-

গীত।

পুহ মহীয়া পকা আঙঠা কাৰো ভাগ্যত হয়।
কাৰো ভাগ্যত আঠীয়া কল চেচা পানী, কয়॥
কোনোৰ কপালত জাপৰ উম,
কোনোৰ গছৰ তল।
কোনো উঠে বৰ চাঙত,
কোনো ৰসাতল।

 গজপুৰীয়া। হেৰ টকৌ, আজি তয়েই মোৰ খৰচত ইমান-বোৰ গীত-পদ মাতি থাকিবি নে? আৰু নিদিওঁ, মোৰ খৰচ বন্ধ কৰিলোঁ। গা যদি ৰাজহুৱা খৰচত গা, নাগা যদি ময়েই এটা এডোখৰ গাওঁ শুন,

(গজপুৰীয়াই গায়)--

গীত।

সাগৰৰ পানী জাক বান্দৰে
দিনে ৰাতিয়ে খায়।