পৃষ্ঠা:চক্ৰধ্বজ সিংহ.djvu/২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৪
[১ম অঙ্ক,
চক্ৰধ্বজসিংহ।

দিব নোৱাৰোঁ। তোমালোক মতলীয়া হৈছাহঁক।

 গজপুৰীয়া। মতলীয়া হইছোঁ যদি, লাওপানী খাই নহয়,মোৰ গজপুৰীয়ানীৰ মুখচন্দ্ৰৰ মৌ-ৰহ খাই হে।

(এটাইকেটাই “হয় হয়” কৰে। )

 গজপুৰীয়ানী। বোলোঁ, মতলীয়া হৈ মোৰে সৈতে এইদৰে ঠেটা নকৰিবা একা।

 গজপুৰীয়া। ঠেটা কৰিব নেলাগে যদি আকৌ এটেকেলি লাওপানী আনি দে। আগৰ টেকেলিয়ে আমাক মতলীয়া কৰক ছাৰি আমাৰ গাৰ খুদখহুকে নখজুৱালে।

 গজপুৰীয়ানী। ইস্ এওঁৰ খুদখহু নখজুৱালে! মদৰ ৰাগীত কথা কওঁতে জিভা দোৰোল নোখোৱা হৈছে তোমালোকক মই বলীয়া কৰি ৰং চাব লাগে নে কি?

 প্ৰিয়ৰাম। বোলোঁ গজপুৰীয়ানী, তোমাৰ গজপুৰীয়া বলীয়া হোৱাৰ ভয় নাই। মদৰ টেকেলিটো যি দিনা বলীয়া হব, সেই দিনা হে তোমাৰ গজপুৰীয়া মদখাই বলীয়া হব, এইটো নিশ্চয়।

 গজপুৰীয়া। ডেকাফুকন, চাবাচ! চাবাচ! এইষাৰ কথা হে খাজে খোপে খাই গল। কি বোল টকৌ?

 প্ৰিয়ৰাম। মনে মনে থাক, মনে মনে থাক! মদৰ টেকেলি!তেলৰ “মুটকি”! গজপুৰীয়ানীলৈ চাই। তুমি লাওপানী আনা,একো ভয় নকৰিবা। ইয়াত কাৰো বলীয়া হবৰ সম্ভৱ নাই.এটাই কেউটা পকা নাৰিকল।